ধোনীৰ বিষয়ে মিছা কথা ক’লে হৰভজনে!

৩ অক্টোবৰ, ২০২৪

TV9 ASSAM

দেশৰ প্ৰাক্তন তাৰকা মহেন্দ্ৰ সিং ধোনী সন্দৰ্ভত আন এগৰাকী প্ৰাক্তন তাৰকা হৰভজন সিঙে দিয়া এক মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ।

বিতৰ্কত ভাজ্জি

শেহতীয়াকৈ হৰভজন সিঙে দাবী কৰিছিল যে তেওঁ খঙৰ ভমকত মহেন্দ্ৰ সিং ধোনীক এবাৰ টিভি ভাঙি দিয়া দেখিছিল।

কাৰণ কি

হৰভজনৰ দাবী, আৰচিবিৰ বিপক্ষে মেচত পৰাজয়ৰ পিছত ধোনী খং উঠে আৰু ড্ৰেছিং ৰুমৰ বাহিৰত ঘুচা মাৰি এটা টিভি ভাঙি পেলায়।

ধোনীৰ খং!

অৱশ্যে হৰভজন সিঙৰ এই দাবী চেন্নাই চুপাৰ কিংছৰ ফিজিঅ’থেৰাপিষ্টে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে।

হৰভজনৰ দাবী মিছা!

চি এছ কেৰ ফিজিঅ’ টমী ছিমচেকে কয় যে ধোনীয়ে টিভি ভাঙি পেলোৱাৰ কথা সম্পূৰ্ণ মিছা। ধোনীয়ে তেওঁ কেতিয়াও ধোনীক এই কাম কৰা দেখা নাছিল।

হোৱা নাছিল এনে

টমীয়ে কয় যে ধোনী কেতিয়াও ইমান আক্ৰমণাত্মক হোৱা নাই আৰু এই বাতৰি আৰু বক্তব্য সম্পূৰ্ণ ভুৱা।

কি কয় টমীয়ে

হৰভজনৰ দাবী, ধোনীয়ে নিজৰ চকুৰে টিভি ভাঙি থকা দেখিছে। আনহাতে ধোনীৰ অত্যন্ত ঘনিষ্ঠ টমীয়ে এনেকুৱা একো হোৱা নাছিল বুলিহে মন্তব্য কৰিছে।

কাৰ কথা সঁচা!

পঢ়িবলৈ ক্লিক কৰক

এদিনত কিমানবাৰ হৃদস্পন্দন হয়?