২৬ মে', ২০২৪
হাৰ্দিক পাণ্ডিয়া আৰু নাটাছাৰ বিবাহ বিচ্ছেদৰ কথা এতিয়া চৰ্চাত আছে। ইয়াৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে নাটাছালৈ যাব নেকি ৭০% সম্পত্তি?
নাটাছালৈ যাব নেকি ৭০% সম্পত্তি?
ছ'চিয়েল মিডিয়াত চৰ্চা হৈছে যে বিবাহ বিচ্ছেদ হ'লে ৭০ শতাংশ সম্পত্তি হেৰুৱাব হাৰ্দিকে। অৱশ্যে এই কথাৰ সত্যাসত্য এতিয়ালৈকে প্ৰমাণ হোৱা নাই।
হাৰ্দিকৰ প্ৰায় ১১ মিলিয়ন অৰ্থাত ৯১ কোটি টকাৰ সম্পত্তি আছে। আইপিএল এমআই দলত আছে তেওঁ। তাৰ পৰা হাৰ্দিকে ১৫ কোটি লাভ কৰে।
ইয়াৰ উপৰিও হাৰ্দিকে ভাৰতীয় দলৰ হৈ খেলে। লগতে বহু বিজ্ঞাপন বা অন্যান্য ক্ষেত্ৰৰ পৰাও ধন লাভ কৰে। বিচিচিআইয়ে প্ৰতিবছৰে ৫ কোটি দিয়ে হাৰ্দিকক।
হাৰ্দিকৰ বহুকেইখন গাড়ী আৰু ঘৰো আছে। এই ঘৰৰ মূল্য কোটি টকাৰ অধিক।
পুৰণি এটা ভিডিঅ'ত হাৰ্দিকে কৈছিল যে তেওঁৰ নিজৰ সকলো সম্পত্তি মাকৰ নামত লৈছিল। লগতে কৈছিল মই মোৰ ৫০ শতাংশ সম্পত্তি আনক দিব নিবিচাৰো।
অৱশ্যে হাৰ্দিক আৰু নাটাছাৰ বিবাদ বিচ্ছেদ হব নে নাই সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। দুয়োৱে এতিয়ালৈকে আনুষ্ঠানিকভাৱে জনোৱা নাই এই কথা।
পঢ়িবলৈ ক্লিক কৰক