বিনেশ ফ’গাটৰ ওপৰত আস্থা ৰাখিলে ভোটাৰে

8 Oct 2024

TV9 ASSAM

হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে প্ৰাক্তন মল্লযুঁজাৰু তথা কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফ’গাটে । 

কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফ’গাট

হাৰিয়ানাৰ জুলানা বিধানসভাৰ আসনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিনেশ ফ’গাটে বিজেপিৰ নিকটতম প্ৰতিদ্বন্দ্বী যোগেশ কুমাৰক ৬,০১৫ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

বিজেপিক পৰাস্ত

এইবাৰ অলিম্পিকত ফাইনেলৰ পূৰ্বে সামান্য ওজন বৃদ্ধিৰ বাবে পদক হেৰুৱাবলগীয়া হৈছে মল্লযুঁজাৰু বিনেশ ফ’গাটে। ইয়াৰ পাছতে মল্লযুঁজক বিদায় দি ৰাজনীতিত ভৰি দিয়ে বিনেশ ফ’গাটে।

ৰাজনীতিত ভৰি বিনেশৰ

এই আসনৰ পৰা শেষবাৰৰ বাবে কংগ্ৰেছে জয়লাভ কৰিছিল ২০০৫ চনত। অৰ্থাৎ ১৯ বছৰৰ পাছত কংগ্ৰেছে ফ’গাটৰ হাতত ধৰি জুলানা বিধানসভা আসনখন পুনৰ নিজৰ দখললৈ আনে ।

১৯ বছৰৰ পাছত কংগ্ৰেছৰ জয়

বিনেশ ফ’গাটে নিজৰ জয়ৰ সন্দৰ্ভত কয় যে,সদায় সংগ্ৰামৰ পথ বাছি লোৱা প্ৰতিগৰাকী ছোৱালী আৰু মহিলাৰ এই যুঁজ। এই দেশে মোক যি মৰম দিছে, সেই মৰম মই সদায় লগত ৰাখিম।

ৰাইজৰ মৰম

বিনেশ ফ’গাটে কৈছিল যে, তেওঁ কেৱল জুলানাতে নহয়, সমগ্ৰ ৰাজ্যতে কাম কৰিব বিচাৰে। মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিয়া দলটোক ভোট দিব লাগে বুলিও তেওঁ কৈছিল।

সমগ্ৰ ৰাজ্যতে কাম কৰিব

অলিম্পিকৰ পদক বিজয়ী বিনেশ ফ’গাটক দিল্লীৰ ৰাজপথত প্ৰতিবাদ কৰা দেখা গৈছিল। তেতিয়া মল্লযুঁজ ফেডাৰেচনৰ মুৰব্বী ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল বিনেশে ।

দিল্লীৰ ৰাজপথত প্ৰতিবাদ

পঢ়িবলৈ ক্লিক কৰক

অসমত উদ্যোগীকৰণৰ ধাৰা সৃষ্টি হৈছে