TV9 ASSAM
Credit Getty Images
লং আৰু নহৰু শৰীৰৰ বাবে অতি উপকাৰী । এই দুয়োবিধ হৈছে পাকঘৰৰ মছলা, যিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে ।
নহৰুত ভিটামিন B1, B2, B6 আৰু ভিটামিন C আদি উপাদান থাকে । একে সময়ত লঙত মেগনেছিয়াম,আইৰণ, কেলচিয়াম, আঁহ, এন্টঅক্সিডেন্ট পোৱা যায় ।
এই দুয়োবিধ মছলা স্বাস্থ্যৰ বাবে উপকাৰী । এন্টি ভাইৰেল গুণৰ বাবে লং আৰু নহৰু জনাজাত ।
এই দুয়োবিধে কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস কৰে । ইয়াৰ দ্বাৰা হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয় ।
এই দুয়োবিধ পাচনতন্ত্ৰৰ বাবে অতি উপকাৰী । নহৰুৱে পেট ফুলা আৰু গেছৰ সমস্যা দূৰ কৰাত সহায় কৰে ।
এই দুয়োবিধত প্ৰদাহ নিবাৰণকাৰী গুণ আছে । লং আৰু নহৰুৱে প্ৰদাহ কম কৰে ।
ইয়াৰ প্ৰি-বায়টিক ফাইবাৰ থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ।
পঢ়িবলৈ ক্লিক কৰক