TV9 ASSAM
চয়াবিনত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। ৰোগীৰ বাবেও চয়াবিন অতি উপকাৰী বুলি কোৱা হয় । জানক চয়াবিন খোৱাৰ উপকাৰিতা কি কি?
বিশেষজ্ঞৰ মতে চয়াবিনে কেলচিয়ামৰ অভাৱ দূৰ কৰে । সপ্তাহত কমেও তিনিদিন ৩০ৰ পৰা ৫০ গ্ৰাম চয়াবিন খাব লাগে ।
চয়াবিনত প্ৰটিনৰ মাত্ৰা সৰ্বাধিক । ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত চয়াবিন অতি উপকাৰী । প্ৰটিনযুক্ত খাদ্যৰ তালিকাত চয়াবিন অন্তৰ্ভুক্ত কৰিব পাৰে ।
চয়াবিনত আইছ’ফ্লেভিন আৰু লেচিথিন থাকে। দুয়োটা উপাদানেই শক্তিশালী এন্টি অক্সিডেন্ট। ই কলেষ্টেৰলৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাত সহায় কৰে।
চয়াবিনত আইছ’ফ্লেভিন অতি শক্তিশালী ফাইটোইষ্ট্ৰজেন। এই উপাদান ছাল আৰু চুলিৰ বাবে উপকাৰী। ইফালে লেথিচিনে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে।
চয়াবিনে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। চয়াবিনে কলেষ্টেৰল কমোৱাতো সহায় কৰে। তেজত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাতো চয়াবিনৰ আঁহ ফলপ্ৰসূ।
শিশুৰ বাবে চয়াবিন অতি উপকাৰী । বিশেষজ্ঞৰ মতে দিনটোত ৫০ গ্ৰামতকৈ বেছি চয়াবিন খাব নালাগে ।
পঢ়িবলৈ ক্লিক কৰক