20 Oct 2024
TV9 ASSAM
এই নৰিসংহ পাতত স্বাস্থ্যৰ বহু উপকাৰী গুণ আছে। কেলচিয়াম, ফছফৰাছ, আইৰণ, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ই আদি বিভিন্ন উপকাৰী উপাদান আছে নৰসিংহ পাতত।
এই নৰিসংহ পাত শৰীৰৰ বিভিন্ন ৰোগ যেনে পেটৰ বিষ, পাচনতন্ত্ৰৰ সমস্যা আদি দূৰ কৰাত অধিক উপকাৰী । প্ৰতিদিনে নৰিসংহ পাত খোৱাৰ উপকাৰিতা জানেনে?
নৰিসংহ পাত নিয়মীয়াকৈ খালে তেজৰ ‘বেয়া’ কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে বুলি কোৱা হয় । অৱশ্যে এই কথা নিশ্চিত কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন।
নৰিসংহ পাত তিয়াই থোৱা পানীয়ে শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ প্ৰাকৃতিকভাৱে আঁতৰোৱাত সহায় কৰে। ই পেট, ছাল আৰু চুলিৰ পৰা আৰম্ভ কৰি সকলো সমস্যা নিৰাময় কৰাত সহায় কৰে ।
পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰিবলৈ নৰসিংহ পাত তিয়াই থোৱা পানী খাব পাৰে । নৰসিংহ পাতে কোষ্ঠকাঠিন্য সমস্যা নিৰাময়ত সহায় কৰে।
নৰসিংহ পাতত কাৰ্বাজ’ল আৰু এলকেল’ইড থাকে। যিয়ে বিশেষকৈ শৰীৰৰ পৰা অতিৰিক্ত চৰ্বি বাহিৰ কৰাৰ কাম কৰে।
নৰসিংহ পাত তেজত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত বিশেষভাৱে ফলপ্ৰসূ। এই পাতত থকা বিভিন্ন যৌগসমূহেও ডায়েবেটিছৰ ফলত হোৱা বৃক্কৰ ক্ষতি ৰোধ কৰিব পাৰে বুলি কোৱা হয় ।
পঢ়িবলৈ ক্লিক কৰক