বহু গুণেৰে গুণৱান দেশী ঘিঁউ, চাওক বিশেষজ্ঞৰ মত

২৬ অক্টোবৰ ২০২৪

TV9 ASSAM

সাম্প্ৰতিক সময়ত খাদ্যত দেশী ঘিঁউৰ ব্যৱহাৰৰ প্ৰচলন যথেষ্ট হ্ৰাস পাইছে। কিন্তু দেশী ঘিঁউ আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী।

দেশী ঘিঁউ

দৈনিক সীমিত পৰিমাণৰ দেশী ঘিঁউ সেৱন কৰিলে হাড় মজবুত হয় আৰু লগতে পেশীৰ শক্তিও বৃদ্ধি পায়।

উপকাৰিতা

ক্লিনিকেল নিউট্ৰিচনিষ্ট মেধাৱী গৌতমে কয় যে দেশী ঘিঁউ এবিধ দ্ৰৱণীয় চৰ্বি, লগতে দেশী ঘিঁউত বহুতো পুষ্টিকৰ উপাদানো আছে।

বিশেষজ্ঞৰ মত

মেধাৱী গৌতমে লগতে জানিবলৈ দিয়া মতে দেশী ঘিঁউ সেৱন কৰিলে প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু ডি পোৱা যায়।

ভিটামিন

লগতে দেশী ঘিঁউত ভিটামিন ই, কে, প্ৰটিন আৰু অন্যান্য মাইক্ৰ’ নিউট্ৰিয়েণ্টছ পোৱা যায়। সেয়ে দেশী ঘিঁউ স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰী।

আন উপাদান

গৰুৰ গাখীৰৰ পৰা তৈয়াৰ কৰা ঘিঁউ হওক বা ম’হৰ গাখীৰৰ পৰা তৈয়াৰ কৰা ঘিঁউ হওক দুয়োবিধতে সমপৰিমাণৰ পুষ্টিকৰ উপাদান থাকে।

গৰু নে ম’হৰ ঘিঁউ

সদায় ঘৰতে প্ৰস্তুত কৰা বা বিশ্বাসযোগ্য ব্ৰেণ্ডৰ ঘিঁউহে গ্ৰহণ কৰা উচিত, কাৰণ মিশ্ৰিত ঘিঁউৰ দ্বাৰা স্বাস্থ্যৰ ক্ষতিসাধন হ’ব পাৰে।

হওক সতৰ্ক

পঢ়িবলৈ ক্লিক কৰক

হাৰ্দিক পাণ্ডিয়াৰ বিশেষ ইংগিত