TV9 ASSAM
চাহ খোৱাৰ ক্ষেত্ৰত ভাৰতীয় সদায় আগত থাকে। অৱশ্যে, গাখীৰ চাহতকৈ লাল চাহ বা ব্লেক টিক অধিক উপকাৰী বুলি কোৱা হয়।
যদি আপুনি গাখীৰ চাহৰ সলনি দৈনিক একাপ লাল চাহ খালে শৰীৰৰ বহুতো পৰিৱৰ্তন দেখিব পাৰে। কিয়নো ই বহুতো এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ।
যদিও গাখীৰ চাহ খোৱাটো ক্ষতিকাৰক বুলি কোৱা হয়, লাল চাহে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে আৰু হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে।
লাল চাহে আভ্যান্তৰীণ স্বাস্থ্য উন্নত কৰে। যাৰ ফলত ফুলা, গেছ, গধুৰতাৰ সমস্যা নহয়। বদহজমৰ পৰা সকাহ পাবলৈ লাল চাহত নেমু যোগ দি খাব পাৰে।
লাল চাহে বিপাক বৃদ্ধি কৰে। সেয়েহে শৰীৰ সুস্থ কৰি ৰাখিবলৈ এই চাহ উপকাৰী। ওজন নিয়ন্ত্ৰণ কৰাসকলে লাল চাহ খাব পাৰে।
লাল চাহ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। কিয়নো ই বহুতো এণ্টিঅক্সিডেণ্টে সমৃদ্ধ। ই বতৰৰ ফলত হোৱা সমস্যাৰ পৰা সকাহ প্ৰদান কৰাত সহায়ক।
লাল চাহৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণো থাকে। যিয়ে মাংসপেশী সক্ৰিয় ৰাখে। ই মানসিক সতৰ্কতাও বৃদ্ধি কৰে। অৱশ্যে, লাল চাহ চেনী খুব কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে।
পঢ়িবলৈ ক্লিক কৰক