TV9 ASSAM
সোৱাদত তিতা যদিও কেৰেলাত প্ৰচুৰ পুষ্টিকৰ উপাদান থাকে বাবে এই পাচলি স্বাস্থ্যৰ বাবে অতি উপকাৰী।
তিতা কেৰেলাত ভিটামিন চি, ভিটামিন এ, কাৰ্বহাইড্ৰেট, এন্টিঅক্সিডেন্ট, পটাছিয়াম, ফাইবাৰ, আইৰণ আৰু জিংক আদি পুষ্টিকৰ উপাদান থাকে।
তিতা কেৰেলাৰ গুটি আঁতৰাই কাটি তাত পানী দি ব্লেণ্ডাৰত মিহলাই লওক। তাৰ পিছত তাত নেমুৰ ৰস আৰু নিমখ দি জুচ প্ৰস্তুত কৰিব পাৰে।
হোমিঅ’পেথী বিশেষজ্ঞ ডাঃ শৈলেন্দ্ৰ মিশ্ৰই জানিবলৈ দিয়া মতে পুৱা খালী পেটত তিতা কেৰেলাৰ জুচ খোৱাৰ সৰ্বোত্তম সময়।
তেওঁ লগতে কয় যে ডায়েবেটিছ ৰোগীৰ বাবে তিতা কেৰেলাৰ জুচ অতি উপকাৰী। ই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।
তিতা কেৰেলাৰ জুচ খালে পাচনতন্ত্ৰ সবল হৈ থাকে। ইয়াত অধিক পৰিমাণৰ ভিটামিন আৰু ফাইবাৰ থাকে বাবে পেটৰ সমস্যাৰ পৰা সকাহ পায়।
তিতা কেৰেলাই যকৃতৰ বিষমুক্ত কৰাত সহায় কৰে আৰু ইয়াৰ ফলত যকৃত অধিক কাৰ্যক্ষম হয় আৰু লগতে স্বাস্থ্যও ভাল হয়।
পঢ়িবলৈ ক্লিক কৰক
ৰে’ল ভ্ৰমণত কোহলীৰ পছন্দৰ সংগী