প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ আছে বহু উপকাৰীতা  

২৮ ছেপ্টেম্বৰ ২০২৪

 TV9 ASSAM

নহৰুত ভিটামিন এ, বি, চি আৰু কে, লগতে প্ৰ'টিন, ফাইবাৰ, মেংগানিজ, চেলেনিয়ামৰ লগতে মুখ্য উপাদান এলিচিন থাকে যি ইয়াক এক তীক্ষ্ণ সোৱাদ আৰু শক্তিশালী সুগন্ধি প্ৰদান কৰে।

নহৰুৰ গুণাগুণ

 খাদ্য তৈয়াৰ কৰোতে প্ৰায় তেলত নহৰু ব্যৱহাৰ কৰা হয়। লগতে ৰাতিপুৱা খালী পেটত নহৰু খালে বহুতো উপকাৰ হ'ব পাৰে।

কেঁচা নহৰুৰ লাভালাভ

দৈনিক কেঁচা নহৰু খালে গাঁঠি আৰু পেশীৰ বিষ প্ৰতিহত আৰু উপশম হয়, সেয়েহে ই আৰ্থ্ৰাইটিছত অতি উপকাৰী।

গাঁঠিৰ বিষ

দৈনিক খালী পেটত নহৰু খালে চুলি মজবুত হয় আৰু ইয়াৰ পানী মূৰৰ ছালত  প্ৰয়োগ কৰাটো উপকাৰী। 

চুলি মজবুত হ'ব

ৰাতিপুৱা কেঁচা নহৰুৰ দুটা কলি খালে ছাল স্বাস্থ্যৱান হয় আৰু পিম্পলৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে।

পিম্পল নাথাকে

ৰাতিপুৱা দৈনিক দুটা নহৰুৰ কলি খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু বতৰতৰ বাবে হোৱা ৰোগৰ সম্ভাৱনা হ্ৰাস হয়। 

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

গৰ্ভাৱস্থাত অত্যাধিক নহৰু নাখাব কিয়নো ইয়াৰ প্ৰভাৱ গৰম। ইয়াৰ বাহিৰেও যদি আপুনি যিকোনো ধৰণৰ ঔষধ গ্ৰহণ কৰি আছে, কেঁচা নহৰু খোৱাটো পৰিহাৰ কৰিব। 

 মনত ৰাখিব

চৰ্বি হ্ৰাসৰ উপায়

চাবলৈ ক্লিক কৰক