TV9 ASSAM
গৰম বৃদ্ধি হোৱাৰ লগে লগে খাদ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আহি পৰে। গৰমৰ দিনত এনে খাদ্য খাব লাগে যিয়ে আমাৰ শৰীৰ ঠাণ্ডা কৰি ৰাখিব পাৰে।
প্ৰতিখন ঘৰতে প্ৰায়ভাগ ব্যঞ্জন বনাওতে পিয়াঁপিয়াঁজৰ ব্যৱহাৰ হয়। ইয়াৰ লগতে বহুলোকে চালাড হিচাপে কেচাঁ পিঁয়াজ খায়।
কেঁচা পিয়াঁজ ঠাণ্ডা। সেয়েহে গৰমত খাদ্যত কেঁচা পিয়াঁজ অন্তৰ্ভুক্ত কৰাটো শৰীৰৰ বাবে উপকাৰী।
গৰমৰ দিনত খাদ্য হজম কৰাৰ ক্ষেত্ৰত কেঁচা পিয়াঁজ উপকাৰী। পিয়াঁজ খালে গেছৰ সৃষ্টি নহয় আৰু এচিডিটিৰ সমস্যা নাথাকে।
কেঁচা পিয়াঁজত যথেষ্ট পৰিমাণৰ পানী থাকে যিয়ে শৰীৰ হাইড্ৰেট কৰি ৰাখে। ইয়াৰ উপৰিও ইলেক্ট্ৰলাইটৰ মাত্ৰাও সঠিক কৰি ৰখাত সহায় কৰে।
গৰমৰ দিনত অধিক উষ্ণতাৰ বাবে মূৰ ঘুৰোৱা, বমি, ডাষ্ট এলাৰ্জি আদি সমস্যা হয়। এই ক্ষেত্ৰত কেঁচা পিয়াঁজে হিট ষ্ট্ৰোকৰ পৰা সুৰক্ষা প্ৰদান কৰে।।
ইয়াৰ উপৰিও কেঁচা পিঁয়াজ চুলিৰ বাবে উপকাৰী। ইয়াত থকা এণ্টিঅক্সিডেণ্টে চাপৰ পৰা সকাহ দিয়াৰ লগতে বিষ, এলাৰ্জি আদিৰ পৰাও সকাহ প্ৰদান কৰে। চকু ভালে ৰখাৰ লগতে ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰাখে।
চাবলৈ ক্লিক কৰক