প্ৰতিদিনে আমলখি খালে কি হয়? জানক উপকাৰিতা

18 Nov 2024

TV9 ASSAM

শৰীৰৰ বাবে অতি উপকাৰী আমলখি। ই আমাৰ ছালৰ সৌন্দৰ্যও বৃদ্ধি কৰে। আমলখিৰ উপকাৰিতা পাবলৈ মানুহে ডায়েটত ইয়াক উলবদ্ধ কৰিব পাৰে।

আমলখি

আমলখি পুষ্টিকৰ তত্ব থাকে। ইয়াত ভিটামিট চিৰ লগতে ভিটামিন এ, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম, ফাইবাৰ আদি বিভিন্ন পুষ্টিকৰ উপাদান থাকে।

পুষ্টিকৰ

ডায়টেশ্যিয়ান মমতা শৰ্মাই কয় যে, প্ৰতিদিনে এক চামুচ মৌৰ লগত আমলখি খাব পাৰে। ইয়াৰ ফলত ভিটামিন চিৰ অভাৱ নহয়।

বিশেষজ্ঞই কি কয়

খালী পেটত আমলখি খোৱা ভাল। এনেকৈ আমলখি খালে শক্তি পোৱা যায় বা ইমিউনিটি মজবুত হয়। ইয়াৰ ফলত যিকোনো ৰোগৰ লগত যুঁজ দিব পৰা ক্ষমতা বৃদ্ধি হয়।

শক্তি

আমলখিত ফাইবাৰ থাকে যাৰ বাবে ই পাচন তন্ত্ৰ ঠিক কৰে। ই পেটৰ সমস্যাৰ পৰা মানুহক পৰিত্ৰাণ দিয়ে। আমলখি খালী পেটত খালে হজম শক্তি ভাল হয়।

হজম

আমলখি খালে হাড় মজবুত হয় আৰু গাঠিৰ বিষ নোহোৱা হয়। আমলখিত পটেছিয়াম থাকে যাৰ বাবে ই হাড়ৰ বাবে অত্যন্ত ভাল।

হাড়

আমলখি খালে ছাল আৰু চুলি ভাল হয়। আমলখিত এন্টিএক্সিডেন্ট থাকে, যিয়ে ছালৰ ডাগ আদি নোহোৱা কৰাত সহায় কৰে। ই চুলিৰ বাবেও ভাল।

ছাল আৰু চুলি

পঢ়িবলৈ ক্লিক কৰক

ঘৰৰ মূল দুৱাৰত আইনা ৰাখিব লাগে নে নাই