২৪ মে', ২০২৪
দেশৰ বিভিন্ন প্ৰান্তত গৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ মাজতে গুজৰাটৰ সুৰতৰ পৰা পোহৰলৈ আহিছে চাঞ্চল্যকৰ ঘটনা।
খবৰ অনুসৰি সুৰতত গৰমৰ প্ৰকোপত মৃত্যু হয় ১০ জনৰ। গৰমৰ বাবে অসুস্থ হৈ মৃত্যু মুখত পৰে।
মৃত্যু হোৱা একাংশই গৰমত অচেতন হৈ পৰিছিল। লগতে একাংশৰ বমি হৈছিল। হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু হয়।
এই ঠাইত তাপমান ৪০ ডিগ্ৰী ছেলচিয়াছৰো অধিক হৈছে। যাৰ বাবে গৰমে জ্বলা-কলা খুৱাইছে সকলোকে।
গৰমৰ বাবে দিল্লী, উত্তৰ প্ৰদেশত ৰেড এলাৰ্ট জাৰি কৰিছে। ইয়াত তাপমান প্ৰায় ৪৮ ডিগ্ৰী ছেলচিয়াছ হোৱাৰ সম্ভাৱণা।
গৰমৰ বাবে দেশৰ অন্য প্ৰান্ততো মানুহৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। কেইদিনমান পূৰ্বে অসমতো এজনৰ মৃত্যু হৈছিল।
অসমতো গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে। আজি দিনটোত তাপমান প্ৰায় ৩৮ ডিগ্ৰী ছেলচিয়াছ।
পঢ়িবলৈ ক্লিক কৰক