২৫ মে', ২০২৪
এইবাৰ গৰমে ভয়ংকৰ ৰূপ লৈছে। ৰাজস্থানত তাপমান সৰ্বাধিক ৪৯ ডিগ্ৰী ছেলচিয়াছ হৈছেগৈ।
মানুহৰ শৰীৰে কিমান তাপমান সহ্য কৰিব পাৰে ইয়াৰ ওপৰত বিভিন্ন গৱেষণা হৈছে। এই প্ৰতিবেদন ফিজিঅ'লজী জৰ্ণলত প্ৰকাশ পাইছিল।
প্ৰকাশ পোৱা তথ্য অনুসৰি আমাৰ শৰীৰে ৪০ ৰ পৰা ৫০ ডিগ্ৰী ছেলচিয়াছ সহ্য কৰিব পাৰে। ইয়াতকৈও অধিক হ'লে স্বাস্থ্যৰ অৱনতি হ'ব পাৰে।
৫০ তকৈ অধিক তাপমান হ'লে শৰীৰৰো তাপমান বাঢ়ে। যাৰ ফলত অচেতন হোৱা, হৃদৰোগ, উশাহত কষ্ট হোৱা আদি সমস্যা হ'ব পাৰে।
শৰীৰে অধিক তাপমান সহ্য কৰিব নোৱাৰে। যাৰ বাবে মৃত্যুও হ'ব পাৰে। সেয়ে একো নোখোৱাকৈ বাহিৰত ওলাই নাযাব।
বৰ্তমান গৰমে জ্বলা-কলা খুৱাইছে। সেয়ে যত্ন ৰাখক নিজৰ। পানী বেছিকৈ খোৱা দেহৰ বাবে ভাল। সময়মতে খাদ্য গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক