TV9 ASSAM
জৱা ফুল চুলি আৰু ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ।
এই ফুলত বহু ধৰণৰ পুষ্টিকৰ উপাদান আৰু এন্টিঅক্সিডেন্ট গুণ থাকে, যি ছাল আৰু চুলিৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে।
জৱা ফুল ব্যৱহাৰ কৰি ছালৰ গ্ল’য়িং আনিব পাৰে । জৱা ফুল পিহি তাত অলপ দৈ বা মৌ দি ফেচ পেক প্ৰস্তুত কৰিব পাৰে ।
জৱা ফুলৰ এই ফেচ পেকে ছালখন উজ্জ্বল আৰু হাইড্ৰেট কৰাত সহায় কৰে ।
ইয়াৰ পৰা টোনাৰ বনাব পাৰে । ইয়াৰ বাবে জৱা ফুল পানীত উতলাই লওক আৰু ঠাণ্ডা কৰাৰ পিছত ইয়াক টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে।
জৱা ফুল পিহি তাত নাৰিকল তেল বা দৈ দি চুলিৰ মাস্ক প্ৰস্তুত কৰিব পাৰে।
জৱা ফুলৰ পেষ্ট চুলিত লগালে চুলিখিনি কোমল আৰু চিকচিকিয়া কৰাত সহায় কৰিব । চুলি ধোৱাৰ ক্ষেত্ৰতো জৱা ফুল ব্যৱহাৰ কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক