TV9 ASSAM
নাৰিকল তেলত এণ্টিঅক্সিডেণ্ট, ভিটামিন ই, লাউৰিক এচিড, কেপ্ৰিক এচিড, চৰ্বি আৰু প্ৰদাহ-প্ৰতিৰোধী গুণ থাকে।
বহুলোকে শীতকালত মুখত নাৰিকল তেল ব্যৱহাৰ কৰে। নাৰিকল তেল মুখত লগাব লাগে নে নালাগে জানো আহক...
হেল্থলাইনৰ মতে, যেতিয়া নিশা নাৰিকল তেল ময়েশ্চাৰাইজাৰ হিচাপে ব্যৱহাৰ কৰা হয়, ইয়াৰ এমোলিয়েণ্ট গুণাগুণ শুকানৰ লগতে স্বাভাৱিকৰ ছালৰ বাবে উপকাৰী হ'ব পাৰে।
নাৰিকল তেলত থকা ফেটী এচিডে ছালক হাইড্ৰেটেড আৰু স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে আৰু লিনোলিক এচিডে ছালত আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে। যাক এণ্টিবেক্টেৰিয়েল বুলিও কোৱা হয়।
নাৰিকল তেলে আপোনাৰ শুকান আৰু ফ্লেকি ছালক কোমল আৰু হাইড্ৰেটেড কৰিব তুলিব পাৰে। যাৰ বাবে মুখখন সতেজ দেখায়। কিন্তু ইয়াক কেৱল সীমিত পৰিমাণত হে ব্যৱহাৰ কৰিব লাগে।
তেলেতীয়া ছাল থকা লোকসকলে মুখত নাৰিকল তেল লগাব নালাগে। কাৰণ ই মুখখন অধিক তেলেতীয়া কৰিব পাৰে। যাৰ বাবে পিম্পলছৰ সমস্যা সৃষ্টি কৰিব পাৰে।
ছালৰ প্ৰকাৰ অনুসৰি নাৰিকল তেল ব্যৱহাৰ কৰিব। যদি আপোনাৰ পিম্পল বা নাৰিকল তেলৰ প্ৰতি এলাৰ্জি আছে তেনেহ'লে ইয়াক ব্যৱহাৰ নকৰিব।
পঢ়িবলৈ ক্লিক কৰক