TV9 ASSAM
মুখত ঘাঁ হোৱাটো এটা সাধাৰণ সমস্যা। ইয়াৰ কাৰণ পেটৰ গৰম বুলি ধৰা হয় যদিও কেতিয়াবা ইয়াৰ কাৰণ আন কিবা হ’ব পাৰে।
বেছিকৈ জলকীয়া খাদ্য খোৱা, পেটৰ বিষ বা কোষ্ঠকাঠিন্য হ’লে প্ৰায়ে মুখত ঘাঁ হয় যাৰ ফলত খোৱা-বোৱাত অসুবিধা হয়। কেতিয়াবা হৰম’নৰ ভাৰসাম্যহীনতা, পিৰিয়ড বা আন কোনো কাৰণত মুখত ঘাঁ হ’ব পাৰে।
ঘাঁ সমস্যা নিৰাময়ৰ বাবে প্ৰথমে পেটৰ অৱস্থা উন্নত কৰাটো প্ৰয়োজন। ইয়াৰ বাবে পাব আৰু সহজে হজম হোৱা খাদ্য খাব লাগে।
একাপ পানীত এচামুচ ধনীয়া গুৰি মিহলাই উতলাই ল’ব। পানীখিনি ঠাণ্ডা হ’লে দিনটোত ৩-৪ বাৰকৈ কুলী কৰিব।
মৌত বেক্টেৰিয়া প্ৰতিৰোধী গুণ থাকে, যিয়ে মুখৰ ঘাঁ আঁতৰোৱাত সহায় কৰে। ইয়াৰ বাবে ঘাঁ হোৱা ঠাইত মৌ বা মৌত হালধি মিহলাই দি লগাব।
ইলাচিৰ গুড়ি মৌৰ লগত মিহলাই ঘাঁত লগালেও যথেষ্ট সকাহ পোৱা যায়।
নাৰিকল তেলত প্ৰদাহ নিবাৰণকাৰী গুণ আছে যিয়ে প্ৰদাহ কমোৱাত সহায়ক। ঘাঁ হোৱা ঠাইত দিনে ৩-৪ বাৰ নাৰিকল তেল লগাব লাগে।
চাবলৈ ক্লিক কৰক