৩১ অক্টোবৰ ২০২৪
TV9 ASSAM
ভাৰতৰ অন্যতম বৃ্হৎ উৎসৱ হিচাপে পৰিচিত দীপাৱলী সমগ্ৰ দেশৰ লগতে বিশ্বৰ আন কেইখনমান দেশতো পালন কৰা হয়।
ভগৱান ৰাম, সীতা আৰু লক্ষ্মণে ১৪ বছৰীয়া নিৰ্বাসনৰ অন্তত অযোধ্যালৈ উভতি অহাৰ আনন্দত অযোধ্যাবাসীয়ে দীপাৱলী উদযাপন কৰিছিল।
ৰাৱণৰ চহৰ শ্ৰীলংকাত দীপাৱলী পালন কৰা নহয় বুলিয়েই বহু লোকে ভাৱে। কিন্তু শ্ৰীলংকাতো পালন কৰা হয় দীপাৱলী উৎসৱ।
শ্ৰীলংকাত তামিল ভাষী সম্প্ৰদায়ৰ অধিকাংশ লোকে দীপাৱলী পালন কৰে। শ্ৰীলংকাত দীপাৱলীক লাম ক্ৰীয়ং নামেৰে পালন কৰা হয়।
দীপাৱলীৰ দিনা হিন্দু সম্প্ৰদায়ৰ লোকসকলে কলম্বোৰ প্ৰাচীন শিৱ মন্দিৰ পোন্নামবলবনেশ্বৰ দেৱস্থানমলৈ গৈ সেৱা আগবঢ়ায়।
শ্ৰীলংকাত ভাৰতৰ দৰে ঘৰতে মাটিৰ চাকি জ্বলাই দীপাৱলী উৎসৱ পালন কৰা হয়। ইয়াৰ পিছত সকলোৱে একেলগে খাদ্য গ্ৰহণ কৰে।
শ্ৰীলংকাত দীপাৱলীক বেয়াৰ বিপৰীতে ভালৰ জয় হিচাপে পালন কৰা হয়। লগতে আগন্তুক বৰ্ষ আদৰিবলৈও ৰাইজে প্ৰস্তুতি চলায়।
পঢ়িবলৈ ক্লিক কৰক
দীপাৱলীৰ পিছত চাকিবোৰ কি কৰিব?