TV9 ASSAM
ভাৰতত কণ্ডমৰ ব্যৱহাৰ কম। নেশ্যনেল ফেমেলি হেলথ চাৰ্ভেৰ মতে, ভাৰতত প্ৰায় ১০ শতাংশ পুৰুষে কণ্ডম ব্যৱহাৰ কৰে।
কণ্ডম ষ্ট্ৰেচেবল অৰ্থাৎ ইয়াক সহজে টানিব পাৰি। আৰু প্ৰায়ভাগ মানুহে কণ্ডমৰ বিষয়ে জানে। কিন্তু প্ৰশ্ন হয়, এই কণ্ডম কেনেকৈ প্ৰস্তুত হয়।
কণ্ডম লেটেক্সৰ পৰা প্ৰস্তুত কৰা হয়। এয়া এক প্ৰাকৃতিক ৰবৰ। এই লেটেক্স এক বিশেষ গছৰ পৰা সংগ্ৰহ কৰা হয়। ইয়াৰ পৰৱৰ্তী সময়ত ইয়াৰ সহায়ত কণ্ডম প্ৰস্তুত হয়।
গছৰ পৰা ওলোৱা প্ৰাকৃতিক ৰবৰক পানী আৰু জিংক অক্সাইডৰ সৈতে মিহলি কৰা হয়। পৰৱৰ্তী সময়ত ইয়াৰ দ্বাৰা কণ্ডম প্ৰস্তুত কৰা হয়।
তথ্য অনুসৰি জানিব পৰা মতে এক লিটাৰ লেটেক্সৰ পৰা প্ৰায় ৭০০ কণ্ডম প্ৰস্তুত কৰিব পৰা যায়। অৱশ্যে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে যোৱাৰ অন্তত ইয়াক প্ৰস্তুত কৰিব পাৰি।
কণ্ডমৰ প্ৰতি মানুহক সজাগ কৰিবলৈ বিভিন্ন ব্যক্তি প্ৰতিষ্ঠানে পদক্ষেপ হাতত লয়। কণ্ডম কি বা ইয়াৰ ব্যৱহাৰৰ ফলত লাভ কি এয়া মানুহক বুজাবলৈ ১৩ ফেব্ৰুৱাৰীত আন্তঃৰাষ্ট্ৰীয় কণ্ডম ডে পালন কৰা হয়।
আন্তঃৰাষ্ট্ৰীয় কণ্ডম ডেৰ মূল উদ্দেশ্য এয়াই যে কণ্ডমৰ জৰিয়তে অসুৰক্ষিত যৌন সম্পৰ্কৰ ফলত হ'ব পৰা ৰোগক বাধা দিয়া।
পঢ়িবলৈ ক্লিক কৰক