এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে?

11 March 2025

TV9 ASSAM

সপ্তাহত ৭০-৯০ ঘন্টা কাম কৰাক লৈ দেশত চলি থকা চৰ্চাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডব্লিউ এইচ অ’ৰ প্ৰাক্তন মুখ্য বিজ্ঞানী তথা স্বাস্থ্য মন্ত্ৰালয়ৰ উপদেষ্টা সৌম্য স্বামীনাথনে।

৭০-৯০ ঘণ্টা কাম

তেওঁ কয় যে, বেছি সময় কাম কৰিলে বাৰ্নআউট হয় আৰু কাম কৰাৰ দক্ষতাও হ্ৰাস হয়।

অতিৰিক্ত কাম

WHOৰ মতে কাৰ্যালয়ত কৰ্মৰ চাপৰ ফলত হোৱা ভাগৰেই হ'ল ‘বাৰ্নআউট’।

বাৰ্নআউট কি?

অত্যধিক আৰু দীৰ্ঘদিনীয়া মানসিক চাপৰ ফলত হোৱা আৱেগিক, শাৰীৰিক আৰু মানসিক ক্লান্তিৰ অৱস্থাকে বাৰ্নআউট বোলা হয়।

কিয় বাৰ্নআউট হয়?

সৌম্য স্বামীনাথনে কয় যে, সম্পূৰ্ণ একাগ্ৰতাৰে দীৰ্ঘসময়লৈ কাম কৰিব নোৱাৰি, কিছু সময়ৰ বাবেহে সম্ভৱ।

ভাল কাম

তেওঁ কয় যে, আপুনি আপোনাৰ ডেস্কত ১২ ঘণ্টা বহিব পাৰে, কিন্তু আঠ ঘণ্টাৰ পিছত হয়তো ইমান ভালকৈ কাম কৰিব নোৱাৰিব।

কিমান ঘণ্টা কাম কৰিব লাগে?

কামৰ মানদণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্বামীনাথনে কয় যে, কেৱল কাম কৰা ঘণ্টাৰ সংখ্যাই নহয়, কামটো কিমান ভালকৈ চলি আছে সেয়াহে গুৰুত্বপূৰ্ণ।

মানদণ্ডৰ ওপৰত প্ৰভাৱ

চাবলৈ ক্লিক কৰক 

এজন ভাৰতীয়ই বছৰী  কিমান সুৰাপান কৰে?