TV9 ASSAM
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ১ টকীয়া এটা মুদ্ৰা বনালে ১ টকাতকৈ অধিক খৰচ হয়। ২০১৮ চনত এই সন্দৰ্ভত তথ্য জাৰি কৰিছিল বেংকে।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ১ টকীয়া মুদ্ৰা বনালে ১.১১ টকা খৰচ হয়। ২ টকীয়া মুদ্ৰা বনালে ১.২৮ টকা খৰচ হয়। এক কথাত, ১ টকা মুদ্ৰা বনালে মুদ্ৰাতকৈ খৰচ বেছি হয়।
ঠিক তেনেকৈ ৫ টকীয়া মুদ্ৰা বনালে ৩.৬৯ টকা আৰু ১০ টকীয়া মুদ্ৰা বালে ৫.৫৪ টকা খৰচ হয়।
প্ৰতিটো মুদ্ৰা আৰু এক টকীয়া নোট টৰকাৰে ছপা কৰে। আনহাতে ২ টকাৰ পৰা ৫০০ টকালৈ নোট ভাৰতীয় ৰিজাৰ্ভ বেংকে ছপা কৰে। ইয়াৰ পূৰ্বে ২০০০ টকীয়াও RBI ছপা কৰিছিল।
এটা টকীয়া মুদ্ৰা ষ্টেইনলেছ ষ্টীলৰ দ্বাৰা নিৰ্মিত। ইয়াৰ ব্যাস ২১.৯৩ মিলিমিটাৰ, ১.৪৫ মিলিমিটাৰ ডাঠ আৰু ওজন প্ৰায় ৩.৭৬ গ্ৰাম। এই আটাইকেইটা মুদ্ৰা মুম্বাই আৰু হায়দৰাবাদৰ আই জি এমত নিৰ্মাণ হয়।
১০ টকীয়া ১০০০ খন নোট ছপা কৰাত ৯৬০ টকাৰ প্ৰয়োজন হয়। ১০০ টকীয়া ১০০০ নোট ছপা কৰাত ১৭৭০ টকা , ২০০ টকীয়া ১০০০ খন ছপা কৰাত ২৩৭০ টকা আৰু ৫০০ টকীয়া ১০০০ খন ছপালে ২২৯০ টকা খৰচ হয়।
এই তথ্য ২০১৮ চনৰ এক আৰ টি আইৰ পাছত ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰদান কৰিছিল।
পঢ়িবলৈ ক্লিক কৰক