TV9 ASSAM
অভিনেতা ছেইফ আলী খানক তেওঁৰ ঘৰতে ৬বাৰকৈ ছুৰীৰে আক্ৰমণ কৰা হৈছিল। ৰক্তাক্ত অৱস্থাত অট'ত উঠাই ছেইফ লৈ যোৱা হৈছিল চিকিৎসালয়লৈ।
ভজন সিং নামৰ অট' ড্ৰাইভাৰজনে কয় যে তেওঁ অট'খন তীব্ৰ গতিত চলাই আছিল। তেতিয়াই পিছফালৰ পৰা সহায়ৰ বাবে কোনাবাই মতা যেন শুনিছিল।
অট' ড্ৰাইভাৰজনে ইউ-টাৰ্ণ লৈ গেটত গাড়ীখন ৰখাছিল আৰু তেওঁক অট'ত বহাইছিল।
অট' চালকজনে কোৱা মতে তেওঁও মানুহজনক ৰক্তাক্ত অৱস্থাত দেখি অলপ ভয় খাইছিল। কিন্তু তেওঁ চিনি পোৱা নাছিল ছেইফ আলী খান আঘাতপ্ৰাপ্ত অৱস্থাত তেওঁৰ সন্মুখত আছে।
ছেইফ আলী খান সেই সময়ত অচেতন হোৱা নাছিল। তেওঁ আঘাতপ্ৰাপ্ত অৱস্থাত চালকজনক কেইবাবাৰো সুধিছিল যে চিকিৎসালয়ত উপস্থিত হ'বলৈ কিমান সময় লাগিব?
চালক ভজন সিঙে তেওঁক সময়মতে মুম্বাইৰ লীলাৱতী চিকিৎসালয়লৈ লৈ যায়। য'ত বৰ্তমানো ছেইফৰ চিকিৎসা চলি আছে।
চালকজনে ছেইফ আলী খানক চিকিৎসালয়লৈ লৈ যাবলৈ এটা টকাও লোৱা নাছিল।
পঢ়িবলৈ ক্লিক কৰক