TV9 ASSAM
৯ মাহ মহাকাশত থকাৰ পাছত কিছুদিন পূৰ্বে পৃথিৱীত উপস্থিত হৈছিল সুনীতা উইলিয়ামছ আৰু বুচ উইলম'ৰ। দীৰ্ঘদিনৰ অপেক্ষা চেষ্টাৰ অন্তত এই মহাকাশচাৰী দুজন পৃথিৱীত উপস্থিত হবলৈ সক্ষম হৈছিল।
মাত্ৰ ৮ দিনৰ অভিযানৰ বাবে দুই মহাকাশচাৰী মহাকাশলৈ গৈছিল। কিন্তু কাৰিকৰী বিজুতিৰ বাবে দুয়ো মহাকাশত আৱদ্ধ হৈ পৰিবলগীয়া হৈছিল।
দুই মহাকাশচাৰীক উভতাই আনিবলৈ নাছাই বহু চেষ্টা চলাইছিল যদিও সফল হোৱা নাছিল। অৱশেষত ইলন মাস্কৰ স্পেচ এক্স ড্ৰেগন কেপচুলত দুয়ো উভতিছিল।
দুই মহাকাশচাৰী মহাকাশৰ পৰা উভতি অহাৰ পাছত বিভিন্ন দিশৰ ওপৰত চৰ্চা হৈছিল। একাংশৰ মনত প্ৰশ্ন হৈছিল যে, দুয়ো অতিৰিক্ত দৰমহা লাভ কৰিবনে নাই।
উল্লেখ্য যে, সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থক অতিৰিক্ত কাম কৰাৰ বাবে নাছাই প্ৰতিদিনে মাত্ৰ ৫ ডলাৰ প্ৰদান কৰিছে। ৯ মাহত ইয়াৰ পৰিমাণ হ'ব ১৪৩০ ডলাৰ।
নাছাৰ এই টকাৰ বাবে বিভিন্ন জনে আপত্তি দৰ্শাইছিল। তাৰ পাছতে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এই কথা জানিব পাৰিছিল। এতিয়া ট্ৰাম্পে নিজৰ হাতৰ পৰা ধন দিব দুয়োকে।
এনে অৱস্থাত আশা কৰা হৈছে যে ট্ৰাম্পে দুই মহাকাশচাৰীক কোটি কোটি টকা প্ৰদান কৰিব। ইয়াৰ তথ্য এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও শীঘ্ৰেই এই টকা দিব ট্ৰাম্পে।
পঢ়িবলৈ ক্লিক কৰক