TV9 ASSAM
আজি দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে ৪ গৰাকী খেলুৱৈৰ নাম ঘোষণা কৰা হৈছে।
পেৰিছ অলিম্পিকত ২টা ব্ৰঞ্জৰ পদক লাভ কৰা শ্বুটাৰ মনু ভাকেৰলৈ এইবাৰ খেলৰত্ন বঁটা আগবঢ়োৱা হৈছে।
ছিংগাপুৰত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত খিতাপ জয়েৰে ইতিহাস ৰচা যুৱ গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশকো এই বঁটাৰে সন্মানিত কৰা হ’ব।
পেৰিছ অলিম্পিকত পুৰুষৰ হকীত ব্ৰঞ্জ জয় কৰা ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙকো খেলৰত্ন বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।
পেৰিছ পেৰালিম্পিকত পুৰুষৰ হাই জাম্প T64ত স্বৰ্ণ পদক লাভ কৰা প্ৰবীণ কুমাৰকো খেলৰত্ন বঁটাৰে সন্মানিত কৰা হ’ব।
খেলৰত্ন বঁটা লাভ কৰা এই চাৰিগৰাকী খেলুৱৈক পুৰস্কাৰ হিচাপে ২৫ লাখ টকাৰ লগতে ট্ৰফী আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।
পূৰ্বে এই বঁটাৰ সৈতে পুৰস্কাৰৰ ধন ৭.৫ লাখ টকা আছিল যদিও ২০২০ চনত এই ধনৰাশি ২৫ লাখ টকালৈ বৃদ্ধি কৰা হয়।
পঢ়িবলৈ ক্লিক কৰক
স্বাস্থ্যৰ পক্ষে মহৌষধ দুপৰ টেঙা, জানক উপকাৰিতা