TV9 ASSAM
হিন্দু ধৰ্মত কল গছৰ বিশেষ মহত্ব আছে। কল গছক পবিত্ৰ আৰু পূজনীয় বুলি গন্য কৰা হয়। বিবাহ, পূজা অৰ্চনা আদি বিভিন্ন শুভ কামত কল গছৰ ব্যৱহাৰ হয়।
মান্যতা অনুসৰি কল গছকত মা লক্ষ্মীয়ে বাস কৰে। কল গছৰ পূজা কৰিলে সুখ- সমৃদ্ধি বৃদ্ধি হয় বুলি কোৱা হয়। কলৰ ফুল, পাতৰ পৰা আৰম্ভ কৰি কলগছ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।
এক পৌৰাণিক কথা অনসৰি কলগছ আচলতে ঋষি দুৰ্বাসাৰ পত্নী কন্দলী। স্বামী দুৰ্বাসাৰ অভিশাপৰ পাছতেই তেওঁ কলগছলৈ ৰূপান্তৰিত হৈছিল।
পৌৰাণিক গ্ৰন্থত ঋষি দুৰ্বাসাৰ বিষয়ে বহু কাহিনী আছে। তেওঁক খঙাল বুলি কোৱা হয়। এবাৰ তেওঁ পত্নী কন্দলীত কোনো জৰুৰী অনুষ্ঠানত যাবৰ বাবে পুৱা সোনকালে উঠিবলৈ কয়।
কিন্তু ঋষি দুৰ্বাসাৰ পত্নীয়ে পুৱা সাৰ নাপালে। নিশা কাম কৰি ভাগৰি যোৱাৰ ফলত পুৱা উঠিব নোৱাৰিলে তেওঁ। পত্নী সাৰ পোৱাৰ পূৰ্বে টোপনি ভাঙে ঋষি দুৰ্বাসাৰ।
সূৰ্য উদয় হোৱাৰ পাছত উঠা আৰু ব্ৰহ্মা মূহুৰ্তৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব নোপোৱাৰ বাবে ঋষিৰ নিজ পত্নীৰ ওপৰত খং উঠে। লগে লগে তেওঁ পত্নীৰ ভষ্ম হোৱাৰ অভিশাপ দিয়ে।
ঋষিৰ অভিশাপৰ লগে লগে ছাই হৈ যায় কন্দলী। পাছত সেই স্থানলৈ আহে কন্দলীৰ পিতৃ ঋষি অম্বৰীশ। তেওঁ কন্যাৰ এই অৱস্থা দেখি দুখী হয় আৰু কল গছলৈ ৰূপান্তৰ কৰি দিয়ে।
কল গছলৈ ৰূপান্তৰিত হোৱাৰ পাছত ঋষি দুৰ্বাসাই পত্নীক বৰদান দিয়ে যে এতিয়াৰ পৰা প্ৰতিখন পূজা বা অনুষ্ঠানতেই কল গছ ব্যৱহাৰ হ'ব। এনেকৈয়ে কল গছৰ জন্ম হয় বুলি কোৱা হয়।
পঢ়িবলৈ ক্লিক কৰক