TV9 ASSAM
গুড় কুঁহিয়াৰৰ ৰসৰ পৰা তৈয়াৰ কৰা হয়। চেনিৰ পৰিৱৰ্তে গুড়ক সততে স্বাস্থ্যসন্মত বিকল্প হিচাপে গণ্য কৰা হয়।
ফলিক এচিড, ভিটামিন বি কমপ্লেক্সৰ লগতে গুৰত কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম, পটাছিয়াম, আইৰণ প্ৰচুৰ পৰিমাণে উপলব্ধ।
পুষ্টিবিদ নমামী আগৰৱালাই কয় যে মহিলাসকলে প্ৰতি নিশা শুই উঠাৰ আগতে গুৰ খাব লাগে। ইয়াৰ ফলত ভিটামিন বি ১২ৰ অভাৱ নহ’ব।
গুড়ে শৰীৰৰ পাচন এনজাইমক উদ্দীপিত কৰে। ইয়াৰ ফলত হজম শক্তি উন্নত হয় আৰু লগতে কোষ্ঠকাঠিন্য সমস্যা দূৰ হয়।
নিয়মিত গুড় সেৱনে তেজত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰিব পাৰে। ইয়াৰ ফলত ৰক্তহীনতা সমস্যা নহয়।
গুড়ে তেজ বিশুদ্ধ কৰি ছালখন সুস্থ আৰু স্বচ্ছ কৰি তোলে বুলি জনা যায়। লগতে পিম্পল আৰু অন্যান্য ছালৰ সংক্ৰমণ প্ৰতিৰোধত সহায় কৰে।
গুড়ত থকা এন্টি অক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যাৰ ফলত শৰীৰ ৰোগৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হয়।
পঢ়িবলৈ ক্লিক কৰক