হেঁকটি বন্ধ কৰাৰ উপায়

27 Oct 2024

TV9 ASSAM

বহুতে ভাবে যে হেঁকটি আহিলে পানী খোৱাৰ প্ৰয়োজন। কিন্তু পানী খোৱাৰ পিছতো হেঁকটি বন্ধ নহয় । তেতিয়া আপুনি কি কৰিব?

কি কৰিব?

হেঁকটি বন্ধ কৰাৰ একমাত্ৰ সমাধান পানী নহয়। আন উপায়েৰেও হেঁকটি বন্ধ কৰিব পাৰে। 

সমাধান পানী নহয়

দীঘলীয়া উশাহ এটা লৈ অলপ সময় ধৰি ৰাখক। নাক বন্ধ কৰি ৰাখক। নতুবা লাহে লাহে উশাহ লৈ থাকিব। এই পদ্ধতিৰ দ্বাৰা হেঁকটি কমি যাব।

দীঘলীয়া উশাহ

দুয়োখন কাণত আঙুলি দুটা দি অলপ সময় বহিব। উশাহ বন্ধ কৰি ৰাখিবলৈ চেষ্টা কৰক। এই কৌশল অনুসৰণ কৰিলে হেঁকটি সহজে বন্ধ হৈ যাব।

দুয়োখন কাণ বন্ধ কৰক

হেঁকটি আৰম্ভ হ’লে এচামুচ মাখন আৰু চেনি খাব লাগে। এই কৌশলটো হেঁকটি কম কৰিবলৈ অতি উপযোগী।

মাখন আৰু চেনি

হেঁকটি আৰম্ভ হ’লে নেমুৰ টুকুৰা এটা মুখত দিব। নেমুৰ টেঙা সোৱাদে মুখৰ ডায়েফ্ৰাম পেশীবোৰক উদ্দীপিত কৰে। ইয়াৰ ফলত হেঁকটি বন্ধ হৈ যায়।

নেমু

হেঁকটি আহিলে মুখত বৰফৰ টুকুৰাও দিব পাৰে। বৰফখিনি গলিবলৈ কিছু সময় মুখত ৰাখি তাৰ পিছত গিলিব। এই কাম কৰিলে হেঁকটিৰ পৰা মুক্তি পাব পাৰে।

বৰফ

পঢ়িবলৈ ক্লিক কৰক

গ্ৰীণ টিৰ উপকাৰিতা