TV9 ASSAM
বতৰ গৰমৰ পৰা ঠাণ্ডালৈ আহিছে । বতৰ সলনি হোৱাৰ লগে লগে মানুহৰ শৰীৰত ঋতুজনিত ৰোগৰ সমস্যাই দেখা দিয়ে ।
শীতকালত আটাইতকৈ সাধাৰণ স্বাস্থ্যজনিত সমস্যা হ’ল চৰ্দি, মূৰৰ বিষ, জ্বৰ অনুভৱ, ডিঙিৰ বিষ আৰু কাহ।
এই সময়ছোৱাত সুস্বাস্থ্যৰ বাবে খাদ্যাভ্যাসৰ লগতে শৰীৰ চৰ্চাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন ।
পাকঘৰত ৰখা মছলাবোৰ সোৱাদ আৰু সুগন্ধিৰ লগতে ঔষধি গুণেৰে ভৰপূৰ । সেয়েহে ই বহু স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিয়াত ফলপ্ৰসূ ।
হালধিৰ গাখীৰ শীতকালত খাব পাৰে । ইয়াৰ আঁৰৰ কাৰণ হ’ল ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বিশেষজ্ঞৰ মতে ই চৰ্দি আৰু কাহও প্ৰতিৰোধ কৰে।
চৰ্দি আৰু কাহৰ পৰা সকাহ দিয়াত জালুক অতি উপকাৰী । চাহত জালুক দি সেৱন কৰিব পাৰে। জালুকৰ গুড়ি আৰু অলপ মৌ মিহলাইও খাব পাৰে।
ডিঙিৰ বিষ হ’লে এটা লং কিছু সময়ৰ বাবে মুখত ৰাখিব লাগে। ইয়াৰ ফলত কাহৰ পৰাও সকাহ পাব। ইয়াৰ বাহিৰেও তুলসী আৰু লং চৰ্দি আৰু কাহ দৰে ৰোগৰ বাবে অতি উপকাৰী ।
পঢ়িবলৈ ক্লিক কৰক