হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ  উপায়...

21 April, 2025 

TV9 ASSAM

আজিকালি যুৱ প্ৰজন্মৰ পৰা বয়োজ্যেষ্ঠলৈ বিভিন্নজনৰ হাৰ্ট এটেক হোৱা দেখা যায়। কেতিয়াবা নাচি থাকোতে, কেতিয়াবা কাম কৰি থাকোতে, জিম কৰি থাকোতে হাৰ্ট এটেক অহা দেখা যায়।

হাৰ্ট এটেক

গতিকে আমি আমাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখা আৱশ্যক।  আমি বিশেষ কিছুমান উপায় অৱলম্বন কৰি আমাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰো।

উপায়

যদি আপোনাৰ পৰিয়ালৰ কোনো লোকৰ হৃদযন্ত্ৰৰ ৰোগ থাকে তেন্তে অন্য লোকৰো এই ৰোগৰ সম্ভাৱনা থাকে। তেনে স্থলত মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ।

পৰিয়াল

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ আমি খাদ্যৰ ওপৰতো গুৰুত্ব দিব লাগিব। বেছি নিমখ থকা আৰু প্ৰচোচড খাদ্য পৰিহাৰ কৰক। সেউজীয়া শাক-পাচলি, ফল, অমেগা ৩ ফেটি এডিচ থকা খাদ্য খাওক।

খাদ্য

সুস্থ শৰীৰৰ বাবে ব্যায়াম বা যোগসন কৰা আৱশ্যক। প্ৰতিদিনে অন্তত ৩০ মিনিট শাৰীৰিক কাৰ্যকালাপ কৰিব লাগে। ইয়াৰ ভিতৰত খোজকঢ়া, যোগ, কাৰ্ডিঅ আদি অন্তৰ্ভুক্ত কৰিব পাৰে।

যোগাসন

বেছি চিন্তা কৰিলে ব্লাড চুগাৰ বৃদ্ধি পায় আৰু হৃদযন্ত্ৰত প্ৰভাৱ পৰে। গতিকে মনটোক সুস্থ কৰি ৰখাৰ চেষ্টা কৰক। ইয়াৰ বাবে যোগ উত্তম উপায়।

চিন্তা

ইয়াত মাত্ৰ কেইটামান দিশ উল্লেখ কৰা হৈছে। অধিক জানিবৰ বাবে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

গুৰুত্বপূৰ্ণ

পঢ়িবলৈ ক্লিক কৰক 

স্তনৰ কৰ্কটৰ বিষয়ে