21July 2024
TV9ASSAM
ঘৰৰ চৌপাশ বাৰিষাৰ সময়ত পৰিষ্কাৰ কৰি ৰাখিব লাগে। লগতে বাৰিষা আহিলে ঘৰৰ চাৰিওফালে কাৰ্বলিক এচিড ছটিয়াই দিব ।
ঘৰত যদি বাৰী আছে তেন্তে পৰিষ্কাৰ কৰি ৰাখক। বিশেষকৈ বাৰিষাৰ সময়ত কোনো ধৰণে অপতৃণ জমা হ’বলৈ নিদিব।
ঘৰৰ আশে-পাশে যদি কোনো অপৰিষ্কাৰ পানী থাকে তেন্তে পৰিষ্কাৰকৈ ৰাখিব লাগে। মনত ৰাখিব আৰ্দ্ৰ ঠাইত সাপৰ প্ৰৱণতা বেছি।
নিয়ম অনুসৰি ডি ডি টি, ব্লিচিং পাউদাৰ আদি ঘৰৰ চাৰিওফালে ছটিয়াই থাকিব লাগে ।
ঘৰত যদি নিগনি বা ভেকুলীৰ উপদ্ৰৱ হয় তেন্তে অধিক সাপ আহে। গতিকে সেই সকলোবোৰৰ ঘৰৰ পৰা আঁতৰাবলৈ ব্যৱস্থা গ্ৰহণ কৰিব ।
ঘৰৰ পাকঘৰ, বাথৰুম আৰু ঘৰৰ অন্যান্য কোঠাৰ নলাবোৰ প্ৰতিদিনে ব্যৱহাৰ কৰাৰ পাছত বন্ধ কৰি দিব লাগে। সাপ যাতে সোমাব নোৱাৰে তাৰ বাবে ঘৰৰ ক’তো ফাঁক থাকিব নালাগে ।
ঘৰৰ চাৰিওফালে চালফাৰ গুড়ি ছটিয়াই দিব। ইয়াৰ গোন্ধৰ বাবে সাপ ঘৰত সোমাব নোৱাৰে ।
পঢ়িবলৈ ক্লিক কৰক