দাঁতৰ হালধীয়া ৰং দূৰ কৰক এই ঘৰুৱা উপায়ৰ দ্বাৰা...

28  April 2025

TV9 ASSAM

প্ৰায় সকলোৱে বিচাৰে ধুনীয়া দাঁত। যেতিয়া দাঁত উজ্বল হয় তেতিয়া দেখিবলৈ ভাল দেখি। কিন্তু সকলোৰে দাঁত উজ্বল নহয়, বিভিন্ন কাৰণত ব্ৰাছ কৰাৰ পাছতো দাঁত হালধীয়া পৰে।

দাঁত

তেনে অৱস্থাত দাঁত বগা আৰু উজ্বল কৰিবলৈ বিভিন্নজনে চিকিৎসকৰ ওচৰলৈও যায়। কিন্তু আপুনি ঘৰুৱা উপায় অৱলম্বন কৰিয়ে দাঁত ধুনীয়া আৰু উজ্বল কৰি তুলিব পাৰে।

উপায়

বেকিং চোডা আৰু নেমু ৰস মিহলি কৰি দাঁত ব্ৰাছ কৰিব লাগে। এনে কৰিলে দাঁতৰ হালধীয়া দাগ কমি যায়।  অৱশ্যে বেকিং চোডা আপুনি কম পৰিমাণে লৈ এই কাম কৰিব।

নেমু আৰু বেকিং চোডা

কলৰ বাকলিৰ দ্বাৰাও আপোনাৰ দাঁতৰ হালধীয়া ৰং নোহোৱা হ'ব পাৰে। কলৰ বাকলিৰে আপুনি দাঁত ঘহি দিব আৰু পাছত পানীৰে ভালকৈ কুলকুলা কৰিব। এনে কৰিলে দাঁতৰ ৰং আঁতৰ হয়।

কলৰ বাকলি

নিম পাত শৰীৰৰ বাবে উপকাৰী। কেৱল পাতেই নহয়, নিমৰ ঠাৰিও উপকাৰী। নিমৰ ঠাৰিৰে আপুনি দাঁত কৰিলে হালধীয়া তৰপ নোহোৱা হোৱাৰ লগতে গুড়ি মজবুত হয়।

নিম

প্ৰায় প্ৰতি ঘৰ মানুহৰ পাকঘৰত হালধী থাকে। হালধীত এন্টি ইনফলমেটৰী গুণ থাকে। ই দাঁত আৰু গুড়িহোৰ মজবুত কৰে। গতিকে আপুনি হালধীৰে দাঁত ঘহিব পাৰে।

হালধী

চাৰকো পাউদাৰ ব্যৱহাৰ কৰিব পাৰে যি বেক্টেৰিয়া দূৰ কৰি দাঁত আৰু গুড়ি মজবুত কৰাত সহায় কৰে। যাৰ ফলত আপোনাৰ দাঁত ধুনীয়া হৈ পৰিব।

চাৰকোল পাউদাৰ

পঢ়িবলৈ ক্লিক কৰক 

শৰীৰত তেজ কম হোৱাৰ লক্ষণ