TV9 ASSAM
Photos Credit: Getty Images
গ্ৰীষ্ম কালত হাৰ্ট এটেক আৰু অন্যান্য হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে অলপ সাৱধান হোৱাটো প্ৰয়োজন ।
বিশেষজ্ঞসকলৰ মতে, গ্ৰীষ্মকালত শৰীৰক শীতল কৰি ৰাখিবলৈ হৃদযন্ত্ৰই অধিক কষ্ট কৰিব লগা হয়।
এই সময়ত হৃদৰোগীৰ হিট ষ্ট্ৰ’ক, ডিহাইড্ৰেচন, হাৰ্ট এটেকৰ সম্ভাৱনা বেছি হয়। গতিকে অত্যাধিক পৰিশ্ৰম পৰিহাৰ কৰি শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰক।
ৰ’দত ওলাই যোৱাৰ পৰা বিৰত থাকিব লাগে। নিজকে হাইড্ৰেটেড কৰি ৰাখক। সুষম খাদ্য গ্ৰহণ কৰক।
ফেন, কুলাৰ, আৰু এচি ব্যৱহাৰ কৰক। লঘু কাপোৰ পিন্ধক। ই গৰমৰ পৰা ৰক্ষা কৰিব ।
একে সময়তে মানসিক চাপৰ পৰা আঁতৰি থাকক। অত্যাধিক মানসিক চাপ সামগ্ৰিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ।
ইয়াৰ উপৰিও জাংক ফুড আৰু টেঙা খাদ্য পৰিহাৰ কৰক। এই সময়ছোৱাত মদ আৰু ধূমপান পৰিহাৰ কৰক।
পঢ়িবলৈ ক্লিক কৰক