TV9 ASSAM
কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি। এই আঁচনিৰ ১৯তম কিস্তি শীঘ্ৰে মুকলি হ’ব।
পি এম কিষাণ সন্মান নিধিত এবছৰত ২০০০ টকাকৈ তিনিটা কিস্তি দিয়া হয়। অৰ্থাৎ কৃষকসকলে এবছৰত ৬ হাজাৰ টকা লাভ কৰে।
কৃষকৰ মোবাইল নম্বৰলৈ এই আঁচনিৰ আপডেট আহে। গতিকে আঁচনিৰ সৈতে সংযোগ থকা মোবাই নম্বৰ কিদৰে আপডেট কৰিব চাওক।
মোবাইল নম্বৰ আপডেটৰ বাবে প্ৰথমে PM Kisanৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ যাব লাগিব।
ৱেবছাইটৰ হোম পেজতেই ‘Update mobile number’ৰ বিকল্প দেখা পাব। এই টেবত ক্লিক কৰক।
ইয়াত ক্লিক কৰাৰ পিছত আপুনি আধাৰ নম্বৰ, ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ইমেজ কেপছা ক'ড দিব লাগিব।
ইয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰ আৰু কেপছা ক'ড দিয়ক আৰু 'Edit' অপচনত ক্লিক কৰক।
এই সকলোবোৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত নতুন মোবাইল নম্বৰ পূৰ কৰি আপডেট কৰিব পাৰিব।
পঢ়িবলৈ ক্লিক কৰক