TV9 ASSAM
গংগা এক পবিত্ৰ নদী। কোৱা হয়, গংগাত স্নান কৰিলে সকলো পাপ খণ্ডন হয়। বহু ধৰ্মীয় গ্ৰন্থত গংগা নদীৰ বিষয়ে উল্লেখ আছে। হিন্দুসকলে গংগাক পবিত্ৰ গন্য কৰে।
গংগাজল কেতিয়াও নষ্ট নহয় আৰু সদায় পৰিষ্কাৰ হৈ থাকে। কিন্তু এই পানী কেনেকৈ সদায় চাফা থাকে। শেহতীয়াকৈ এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ নাগপুৰৰ গৱেষকে ইয়াৰ উত্তৰ বিচাৰি উলিয়াইছে।
ৰাষ্ট্ৰীয় পৰ্যাবৰণ অভিযান্ত্ৰিক আৰু গৱেষণা সংস্থাৰ বৈজ্ঞানিকসকলে গংগা নদীৰ ওপৰত বিশেষ গৱেষণা কৰিছিল। ইয়াক বহু তথ্য পোহৰলৈ আহে।
ধৰ্মীয় অনুষ্ঠানৰ সময়ত লাখ লাখ ভক্তই গংগাত স্নান কৰে। কিন্তু তাৰ পাছতো গংগাৰ পৰা কোনো বেমাৰ বিয়পা পৰিলক্ষিত নহয়। ইয়াৰ কাৰণ গংগাত থকা ৩ টা উপাদান।
গংগা নদীৰ পানী প্ৰচুৰ পৰিমাণে বেক্টিৰিয়োফেজ থাকে। যিয়ে গংগাৰ পানী প্ৰদূষিত কৰাত বাধা প্ৰদান কৰে। যাৰ বাবে লাখ লাখলোকে গা ধুৱাৰ পাছতো গংগা পানী বেয়া নহয়।
NIRI ৰ গৱেষক ডাঃ কৃষ্ণ খেৰনাৰে কয় যে, গৱেষণাৰ বাবে গংগা নদীৰ পৰা ৫০ পৃথক- পৃথক নমুনা সংগ্ৰহ কৰা হৈছিল। নদীৰ তলৰ বালি আৰু মাটিৰ পৰাও নমুনা লোৱা হৈছিল।
NIRI ৰ গৱেষকসকলে ১২ বছৰ ধৰি কৰা গৱেষণাৰ অন্তত এই তথ্য পোহৰলৈ আহিছে। তথ্য অনুসৰি, গংগা নদীত থকা উপাদানে গংগাৰ পানী পৰিষ্কাৰ কৰি ৰাখে। ইয়াৰোপৰ এই গুণ সকলো নদীৰ নাথাকে।
পঢ়িবলৈ ক্লিক কৰক