TV9 ASSAM
বগৰী এক ঋতুকালীন ফল। বহু মানুহে বগৰী খাই ভাল ৰায়। বগৰী খাবলৈ টেঙা মিঠা হয়। ইয়াক কেঁচা অৱস্থাতো খাব পাৰি। বহুতে বগৰীৰ আচাৰো তৈয়াৰ কৰে।
বগৰীত প্ৰ'টিন, ভিটামিন চি, এন্টিঅক্সিডেন্টছৰ দৰে বিভিন্ন পুষ্টিকৰ উপাদান থাকে। এই উপাদানসমূহ শৰীৰৰ বাবে উপকাৰী আৰু বিভিন্ন ক্ষেত্ৰত সহায় কৰে।
নিউট্ৰিচিয়নিষ্ট নমামী আগৰৱালে কয় যে, বগৰীত কমলাতকৈ অধিক ভিটামিন চি থাকে। যাৰ বাবে ই হৃদযন্ত্ৰৰ বাবে ভাল। ইয়াৰ ফলত উপকাৰ পোৱা যায়।
বগৰীত ভিটামিন চি থকাৰ লগতে অন্য উপাদান থাকে। গতিকে প্ৰতিদিনে অন্তত দুটাকৈ বগৰী খালে ইমিউন চিষ্টেম শক্তিশালী হয়। অৱশ্যে বগৰী বহুত বেছি খাব নালাগে।
যদি আপুনি মেদবহুলতাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে বগৰী খাব পাৰে। বগৰীত ফাইবাৰ থাকে। গতিকে প্ৰতিদিনে অন্তত দুটাকৈ বগৰী খালে ই আপোনাৰ পেটৰ চৰ্বি কমাব।
বগৰীত ভিটামিন চি আৰু এন্টিঅক্সিডেন্টছ প্ৰচুৰ পৰিমাণে থাকে। যিয়ে আপোনাৰ ছালক ধুনীয়া কৰি ৰখাত সহায় কৰে। ই ছালত বয়সৰ প্ৰভাৱ পৰাত বাধা দিয়ে।
বিশেষজ্ঞই কয় যে, হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ বগৰী খাব লাগে। বগৰীত ফাইটো-কনষ্টিটিউয়েন্টছ থাকে। অৱশ্যে আপোনাৰ যদি কোনো ৰোগ আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক