ডায়েবেটিছ হ’লে খালী পেটত নাখাব এই ড্ৰাই ফ্ৰুট্ছ

১৩ অক্টোবৰ, ২০২৪

TV9 ASSAM

শৰীৰত ইনচুলিন উৎপাদনৰ অভাৱ বা ইয়াৰ মাত্ৰা অস্বাভাৱিক হৈ পৰাৰ বাবে ডায়েবেটিছৰ সমস্যাৰ সৃষ্টি হয়।

ডায়েবেটিছ

যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত, তেন্তে আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি অধিক মনোযোগ দিয়া উচিত।

খাদ্যৰ প্ৰতি গুৰুত্ব

যদি আপুনি সঠিকভাৱে খাদ্য গ্ৰহণ নকৰে, তেন্তে আপোনাৰ তেজৰ চেনিৰ পৰিমাণ হয় দ্ৰুতগতিত বৃদ্ধি হ’ব পাৰে বা হ্ৰাস পাব পাৰে।

খাদ্যাভ্যাস

ড্ৰাই ফ্ৰুট্ছত যথেষ্ট পুষ্টিকৰ উপাদান পোৱা যায় যদিও ডায়েবেটিছ ৰোগীয়ে কিছুমান ড্ৰাই ফ্ৰুট্ছ খোৱাৰ পৰা বিৰত থাকিব লাগে।

ড্ৰাই ফ্ৰুট্ছ

খেজুৰত কেলচিয়াম, বি ৬, মেগনেছিয়াম, পটাছিয়াম আৰু ফাইবাৰ আদি পুষ্টিকৰ উপাদান থাকে যদিও হাই ডায়েবেটিছ খালী পেটত খেজুৰ খাব নালাগে।

খেজুৰ

খালী পেটত পানীত তিয়াই থোৱা কিচমিচ খোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু ডায়েবেটিছ ৰোগীয়ে পুৱা খালী পেটত কিচমিচ খাব নালাগে।

কিচমিচ

হাই ডায়েবেটিছ ৰোগীয়ে আলমণ্ড, পিষ্টাচিয়া, আখৰোট, কাজু আদি বাদাম খাব পাৰে। আনহাতে খেজুৰ বা কিচমিচ খুব কম পৰিমাণে খাব পাৰে।

বাদাম উপকাৰী

পঢ়িবলৈ ক্লিক কৰক

ভাষা গৌৰৱ সপ্তাহ