অভিলেখেৰেই কেৰিয়াৰ আৰম্ভ কৰিলে মায়াংকে

৬ অক্টোবৰ, ২০২৪

TV9 ASSAM

ভাৰতৰ যুৱ চাঞ্চল্য মায়াংক যাদৱে আজি বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটালে।

মায়াংকৰ অভিষেক

পাৱাৰপ্লে’ৰ অন্তিমটো অভাৰত বলিং কৰিবলৈ অহা মায়াংক যাদৱে মেইডেন অভাৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰে।

আৰম্ভণিতেই মেইডেন

মায়াংকে কেৰিয়াৰৰ প্ৰথম অভাৰতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ব্ৰেট লীক অতিক্ৰম কৰে। লীৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত নাছিল এটাও মেইডেন অভাৰ।

ব্ৰেট লীকো অতিক্ৰম

টি-২০ আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ প্ৰথম অভাৰতে মেইডেন অভাৰ বলিং কৰা পঞ্চম ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে মায়াংক যাদৱ।

অনন্য কৃতিত্ব

অজিত আগাৰকাৰ, খলিল আহমেদ, নৱদীপ ছাইনী আৰু অৰ্শদীপ সিঙে টি-২০ আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ প্ৰথম অভাৰতে মেইডেন অভাৰ কৰিছিল।

ভাৰতীয় অভিলেখ

দ্ৰুত গতিৰ বাবে পৰিচিত মায়াংকে আইপিএলত ঘণ্টাত ১৫৬.৭ কিলোমিটাৰ বেগত বল কৰা মায়াংকে আজি ঘণ্টাত ১৪৯.৯ কিলোমিটাৰ বেগত বল কৰে।

দ্ৰুত বল

বাংলাদেশৰ বিৰুদ্ধে আজি মায়াংক যাদৱে ৪ অভাৰত ১ অভাৰ মেইডেনসহ ২১ ৰানত ১টা উইকেট দখল কৰে।

মায়াংকৰ প্ৰদৰ্শন

পঢ়িবলৈ ক্লিক কৰক

প্ৰত্যাৱৰ্তনতে বৰুণৰ চমক