অভিষেক শৰ্মাৰ শতকৰ আঁৰত গিলৰ সহায়!

৮ জুলাই ২০২৪

 TV9 HINDI

জিম্বাবুৱেৰ বিপক্ষে প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পিছত দেওবাৰে দ্বিতীয়খন মেচত ভাৰতীয় দলে লাভ কৰিলে বৃ্হৎ বিজয়। এই জয়েৰে অধিনায়ক হিচাপে প্ৰথম জয়ৰ সোৱাদ লাভ কৰে শুভমন গিলে।

অধিনায়ক ৰূপে প্ৰথম জয় গিলৰ

ভাৰতীয় দলে জয়লাভ কৰিলেও গিল মেচখনত ব্যৰ্থ হয়। গিলৰ বেটৰ পৰা আহে মাত্ৰ ২ ৰাণ। অৱশ্যে মেচখনত উজলি উঠে গিলৰ বন্ধু অভিষেক শৰ্মা।

বেটিঙত ব্যৰ্থ গিল

অভিষেক মেচত কোনো ৰাণ সংগ্ৰহত ব্যৰ্থ হোৱা অভিষেকে দ্বিতীয়খন মেচত মাত্ৰ ৪৭টা বলত ১০০ ৰাণৰ ইনিংছেৰে সৃষ্টি কৰে আলোড়নৰ।

অভিষেকৰ বিস্ফোৰক শতক

অভিষেকৰ এই চমকপ্ৰদ শতকত গিলৰ আছিল বিশেষ ভূমিকা। গিলৰ জৰিয়তে মেচখনত ঘটে অভিষেকৰ ভাগ্যোদয়।

আঁৰত গিলৰ সহায়!

মেচৰ অন্তত অভিষেকে প্ৰকাশ কৰা মতে এই মেচত তেওঁ গিলৰ বেটেৰে বেটিং কৰিছিল আৰু এই বেটেৰেই খেলিছিল মাৰমুখী শতকীয় ইনিংছ।

গিলৰ বেটেৰে শতক অৰ্জন

অভিষেকে সদৰী কৰা মতে যেতিয়াই তেওঁ এক প্ৰেচাৰ মেচত নামে, তেতিয়াই তেওঁ প্ৰায়ে গিলৰ বেটেৰে খেলে আৰু এয়া সদায়েই তেওঁৰ বাবে ভাগ্যৱান বিবেচিত হৈ আহিছে।

সদায় ভাগ্যৱান গিলৰ বেট

দুয়োজন যুৱ খেলুৱৈয়ে ১২-১৩ বছৰ বয়সৰ পৰা একেলগে খেলি আহিছে। অভিষেকে জানিবলৈ দিয়া মতে তেতিয়াৰ পৰাই তেওঁ কঠিন মেচত গিলৰ পৰা বেট লৈ আহিছে।

সৰুৰে পৰা এই অভ্যাস

পঢ়িবলৈ ক্লিক কৰক

ভাৰতীয় দলত কিমান আছিল ধোনীৰ প্ৰথম দৰমহা?