২২ জুলাই, ২০২৪
TV9 ASSAM
বিশ্বৰ প্ৰতিগৰাকী খেলুৱৈয়েই অলিম্পিকত অংশ লোৱাৰ স্বপ্ন দেখে। ভাৰতৰ একাংশ খেলুৱৈয়ে এই স্বপ্ন বহুবাৰ সাকাৰ কৰি তুলিছে।
সৰ্বাধিকবাৰ অলিম্পিক খেলা ভাৰতীয়
লিয়েণ্ডাৰ পেজ হৈছে সৰ্বাধিকবাৰ অলিম্পিক খেলা ভাৰতীয় খেলুৱৈ। তেওঁ মুঠ ৭ বাৰ অলিম্পিকত অংশ লৈছিল।
অলিম্পিকত ব্যক্তিগত স্বৰ্ণ জয়ী প্ৰথম ভাৰতীয় অভিনৱ বিন্দ্ৰাই ৪ বাৰ অলিম্পিকত অংশ লৈছিল। ২০০৮ৰ বেইজিং অলিম্পিকত তেওঁ স্বৰ্ণ জয় কৰিছিল।
পিটি উষাই ১৯৮০, ১৯৮৪, ১৯৮৮ আৰু ১৯৯৬ চনত মুঠ ৪খন অলিম্পিকত অংশ লৈছিল।
শ্বুটাৰ গগন নাৰাঙেও কেৰিয়াৰত ৪ বাৰ অলিম্পিকত অংশ লৈছিল। ২০১২ৰ লণ্ডন অলিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক জয় কৰিছিল।
তিনিবাৰকৈ অলিম্পিকত অংশ লোৱা মল্লযোদ্ধা সুশীল কুমাৰে ২০০৮ৰ বেইজিং অলিম্পিকত ব্ৰঞ্জ আৰু ২০১২ৰ লণ্ডন অলিম্পিকত ৰূপৰ পদক জয় কৰে।
পঢ়িবলৈ ক্লিক কৰক