পণ্টৰ পূৰ্বে ৯৯ ৰানত আউট হোৱা ভাৰতীয় তাৰকাসকল....

১৯ অক্টোবৰ ২০২৪

TV9 ASSAM

নিউজিলেণ্ডৰ বিপক্ষে চলিত বাংগালুৰু টেষ্টৰ চতুৰ্থ দিনা আজি দলৰ বিপৰ্যয়ৰ মাজত ছৰফৰাজ খান আৰু ঋষভ পণ্টে ১৭৭ ৰানৰ গুৰুত্বপূৰ্ণ যুটি বান্ধে।

ছৰফৰাজ-পণ্ট যুটি

ছৰফৰাজে কেৰিয়াৰৰ প্ৰথমটো শতক সম্পূৰ্ণ কৰিছিল যদিও ঋষভ পণ্ট মাত্ৰ ১ ৰানৰ বাবে শতক বঞ্চিত হৈ ৯৯ ৰানত আউট হয়।

পণ্টৰ ৯৯ ৰান

এইদৰে পণ্ট সপ্তমবাৰৰ বাবে ‘নাৰ্ভাছ ৯০’ৰ বলি হৈ টেষ্টত ৯৯ ৰান সংগ্ৰহ কৰি আউট হোৱা দশমগৰাকী ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।

দশম ভাৰতীয়

প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলী ১৯৯৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে আৰু ২০০২ চনত ইংলেণ্ডৰ বিৰুদ্ধে কেৰিয়াৰত ৯৯ ৰানত আউট হৈছিল।

সৌৰভ গাংগুলী

দেশৰ আন এগৰাকী প্ৰাক্তন তাৰকা বীৰেন্দ্ৰ ছেহৱাগো ২০১০ চনত শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বো টেষ্টত ৯৯ ৰানত আউট হৈছিল।

বীৰেন্দ্ৰ সেহৱাগ

পণ্টৰ পূৰ্বে ধোনী আছিল ৯৯ ৰানত আউট হোৱা একমাত্ৰ ভাৰতীয় উইকেটকীপাৰ বেটাৰ। ২০১২ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৯৯ ৰানত আউট হৈছিল ধোনী।

মহেন্দ্ৰ সিং ধোনী

আন এগৰাকী প্ৰাক্তন খেলুৱৈ মুৰলী বিজয়ো ২০১৪ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইড টেষ্টত ৯৯ ৰানৰ ব্যক্তিগত স্ক’ৰত আউট হৈছিল।

মুৰলী বিজয়

তদুপৰি পংকজ ৰয়, অজিত ৱাডেকাৰ, ৰুচি সূৰ্তি, এম এল জয়সিংহ আৰু নৱজোৎ সিং সিদ্ধুৰ দৰে প্ৰাক্তন খেলুৱৈ  ৯৯ ৰানত আউট হৈছিল।

তালিকাত এইসকলো

পঢ়িবলৈ ক্লিক কৰক

২৪ ঘণ্টাত ৭ ভাৰতীয়ৰ শতক