হকী দলে নাপাই কোনো দৰমহা, কাৰণ

৬ জুলাই, ২০২৪

Tv9 Assam

পেৰিছ অলিম্পিকত ভাৰতীয় হতী দলে অষ্ট্ৰেলিয়া আৰু ব্ৰিটেইনৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে যুঁজি ছেমিফাইনেলত স্থান লাভ কৰিছে। ক্ৰীড়াপ্ৰেমীক যথেষ্ঠ আকৰ্ষণ কৰিছে খেলে।

পেৰছি অলিম্পিক

ভাৰতীয় হকী দলৰ তুলনা বহুত সময়ত ক্ৰিকেট দলৰ লগত হয়। দুয়োটা দলৰ আয় সন্দৰ্ভতো বহুতৰ মনত প্ৰশ্ন হয়। ক্ৰিকেটাৰৰ দৰে টকা পাইছে হকী খেলুৱৈয়ে?

বেছি টকা নাপায়

হকী দলৰ খেলুৱৈসকলৰ আয় ক্ৰিকেট খেলুৱৈসকলৰ দৰে নহয়। কিন্তু আচৰিত কথা যে ভাৰতীয় হকীৰ খেলুৱৈয়ে কোনো দৰমহা লাভ নকৰে।

দৰমহা

হকী ইণ্ডিয়াৰ খেলুৱৈক ভাৰতে খেলিবৰ বাবে মঞ্চ আৰু সম্পদ প্ৰদান কৰে। যাৰ বাবে তেওঁলোকক কোনো দৰমহা প্ৰদান নকৰে।

কিয় নাপাই দৰমহা

দৰাচলতে হকী খেলা প্ৰতিগৰাকী খেলুৱৈ কিবা নহয় কিবা চৰকাৰী চাকৰি কৰে। গতিকে তেওঁলোকৰ আয়ৰ মূল উৎস চৰকাৰী চাকৰি।

আয়ৰ উৎস কি

ইয়াৰোপৰি কোনো টুৰ্ণামেন্টত জয়ী হ'লে লাভ কৰা ধনৰাশি ভাগ কৰে আৰু হকী ইণ্ডিয়াইও পুৰস্কাৰ দিয়ে।

পুৰস্কাৰ

২০২২ চনত হকী ইণ্ডিয়াই ঘোষণা কৰিছিল যে মহিলা আৰু পুৰুষ দলে খেলত জয় লাভ কৰিলে প্ৰতিগৰাকী খেলুৱৈক ৫০,০০০কৈ টকা দিয়া হ'ব। এনেকৈয়ে তেওঁলোকে টকা লাভ কৰে।

প্ৰতি খেলত ধন

পঢ়িবলৈ ক্লিক কৰক

অজয়- তাবুৰ প্ৰেম কাহিনী