31 October 2024
TV9 Assam
মহম্মদ ছাহাবে ৭ শতিকাত চৌদি আৰৱত ধৰ্মৰ ৰূপত ইছলাম ধৰ্মৰ জন্ম দিছিল। বৰ্তমান এই ধৰ্ম বিশ্বৰ প্ৰায় প্ৰতিটো প্ৰান্ততে বিয়পি পৰিছে।
সেই সময়ত ভাৰতৰ দক্ষিণ এলেকাৰ কেইবাগৰাকী ৰজাই আৰৱ দেশ ভ্ৰমণ কৰিছিল। বিশেষকৈ বাণিজ্যিক কাৰণত এই ভ্ৰমণ কৰিছিল তেওঁলোকে।
ইয়াৰে কিছুমান ৰজাই ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল। তেওঁলোকে ইছলামৰ মূল্য আৰু আদৰ্শৰ প্ৰতি প্ৰভাৱিত হৈছিল যাৰ পাছত ভাৰতত ইছলাম ধৰ্মৰ উৎপত্তি হোৱা বুলি কোৱা হয়।
তথ্য অনুসৰি জানিব পৰা মতে দক্ষিণৰ ৰাজ্য কেৰালাত ৬২৯ খ্ৰীষ্টাব্দত এটা মছজিদ নিৰ্মাণ কৰা হৈছিল। বৰ্তমান সময়ত দেশৰ প্ৰতিখন ৰাজ্যতে হাজাৰ হাজাৰ মছজিদ আছে।
এই মছজিদটো কেৰালাৰ হিন্দু ৰজা ছেৰামন পেৰুমলে নিৰ্মাণ কৰিছিল। যাৰ বাবে এই মছজিদৰ নাম ছেৰামন জুমা মছজিদ। আজিৰ দিনত এই মছজিদটো ভাৰতৰ প্ৰথম আৰু বিশ্বৰ পুৰণি মছজিদৰ ভিতৰত অন্যতম।
কেৰালা চৰকাৰৰ বেবচাইটত থকা তথ্য অনুসৰি এই মছজিদটো প্ৰথমে মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল। এইটো মছজিদে ভাৰতৰ সবাতোকৈ পুৰণি আৰু প্ৰথম মছজিদ।
পঢ়িবলৈ ক্লিক কৰক