২৬ জুন, ২০২৪
Tv9 Assam
পৃথিৱীৰ ৰে'ল নেটৱৰ্কৰ ভিতৰত ভাৰতীয় ৰে'ল নেটৱৰ্ক চতুৰ্থ স্থানত আছে। প্ৰতিদিনে লাখ লাখ মানুহে ৰে'লৰ দ্বাৰা যাত্ৰা কৰে।
আপুনি জানেনে দেশৰ শেষৰ ৰে'ল ষ্টেচনটো ক'ত আছে? য'ত শেষ হয় দেশ।
ভাৰত-বাংলাদেশ সীমান্তত থকা সিংঘাবাদ ৰে'ল ষ্টেচন ভাৰতৰ শেষৰ ৰে'ল ষ্টেচন বুলি ধৰা হয়।এই ৰে'ল ষ্টেচনৰ পৰাই বাংলাদেশৰ সীমা আৰম্ভ হয়।
ই পশ্চিম বংগৰ মালদা জিলাত অৱস্থিত। কোৱা হয়, ব্ৰিটিছৰ দিনত বহু ডাঙৰ ডাঙৰ লোকে এই ৰে'ল ষ্টেচনেৰে ঢাকালৈ গৈছিল।
এই ৰে'ল ষ্টেচনটোৱে ইংৰাজৰ শাসনকালত কলকাতা আৰু ঢাকাৰ মাজত মহত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অৱশ্যে ই এতিয়া অতি পুৰণি হৈ গৈছে।
বৰ্তমান এই ৰে'ল ষ্টেচন কেৱল মালবাহী ৰে'লৰ বাবে ব্যৱহাৰ কৰা হয়। কোনো যাত্ৰীৰ বাবে ই ব্যৱহাৰ নহয়।
পঢ়িবলৈ ক্লিক কৰক