ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?

8 Jan 2025

TV9 ASSAM

সাবিত্ৰীবাঈ ফুলে ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী আছিল। ১৮৪৮ চনত তেওঁৰ স্বামী জ্যোতিৰাও ফুলেৰ সৈতে দেশৰ প্ৰথমখন মহিলা বিদ্যালয় খুলিছিল।

মহিলা শিক্ষয়িত্ৰী

১৮৩১ চনৰ ৩ জানুৱাৰীত মহাৰাষ্ট্ৰৰ চাটাৰা জিলাৰ নাইগাওঁ গাঁৱৰ এটা দলিত পৰিয়ালত সাবিত্ৰীবাঈ ফুলেৰ জন্ম হৈছিল। ৯ বছৰ বয়সত জ্যোতিৰাও ফুলেৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

সাবিত্ৰীবাঈ

সমগ্ৰ জীৱন মহিলাৰ অধিকাৰৰ বাবে উৎসৰ্গিত কৰা সাবিত্ৰীবাঈ পুনেত দেশৰ প্ৰথমখন মহিলা বিদ্যালয় মুকলি কৰে। যাৰ বাবে তেওঁ যথেষ্ট বিৰোধিতাৰ সন্মুখীন হ'ব লগা হৈছিল।

বিদ্যালয় খোলাৰ বিৰুদ্ধে প্ৰতিবাদ

মাত্ৰ ১৭ বছৰ বয়সত, সাবিত্ৰীয়ে তেওঁৰ ঘৰৰ পৰা ছোৱালীসকলক শিকাবলৈ স্কুললৈ গৈছিল। যাৰ বাবে ইয়াৰ বিৰোধীতা কৰাসকলে বাটত তেওঁৰ ওপৰত শিল নিক্ষেপ কৰিছিল। আন কোনোবাই আকৌ গোবৰ দলিয়াইছিল।

শিল নিক্ষেপ

সাবিত্ৰীবাঈ আৰু জ্যোতিবাক তেওঁলোকৰ পিতৃ গোবিন্দৰাৱে সামাজিক বৰ্জনৰ আশংকাত বিদ্যালয়খন বন্ধ কৰিবলৈ কৈছিল। যেতিয়া তেওঁলোকে অস্বীকাৰ কৰিছিল, গোবিন্দৰাৱে তেওঁলোকক ঘৰ এৰি যাবলৈ কৈছিল।

 ঘৰ এৰিছিল

পঢ়িবলৈ ক্লিক কৰক 

ভাৰতীয়ৰ চুলিৰ বিশেষত্ব