TV9 ASSAM
২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আইপিএল ২০২৫। এই লীগত বিশ্বৰ বিভিন্ন দেশৰ তাৰকা খেলুৱৈসকলক দেখা যাব।
আইপিএল ২০২৫ত সৰ্বাধিক ভাৰতীয় খেলুৱৈ থাকিব। এইবাৰ ১০টা দলত মুঠ ১৫৬ গৰাকী ভাৰতীয় খেলুৱৈক দেখা যাব।
ভাৰতৰ পিছতে আইপিএল ২০২৫ত সৰ্বাধিক দক্ষিণ আফ্ৰিকা খেলুৱৈ থাকিব। দেশখনৰ ১৬ গৰাকী খেলুৱৈয়ে এই লীগত অংশ ল'ব।
তালিকাৰ তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়া। এইবাৰৰ আইপিএলত দেশখনৰ মুঠত ১৫ গৰাকী খেলুৱৈ থাকিব।
ইয়াৰ পাছতে আছে ইংলেণ্ড। দেশখনৰ মুঠ ১২ গৰাকী খেলুৱৈক লীগত দেখা যাব।
আইপিএল ২০২৫ত ৱেষ্ট ইণ্ডিজৰ মুঠ ৮ গৰাকী খেলুৱৈ থাকিব। ইয়াৰ বহু কেইগৰাকীক নিলামৰ পূৰ্বেই ৰিটাৰ্ণ কৰা হৈছিল।
ইয়াৰ উপৰিও নিউজিলেণ্ড, শ্ৰীলংকা আৰু আফগানিস্তানৰ ৭-৭ গৰাকী খেলুৱৈ আইপিএল ২০২৫ৰ অংশ হ'ব।
চাবলৈ ক্লিক কৰক