সূৰ্যকুমাৰ যাদৱলৈ কলকাতাৰ নেতৃত্বৰ ‘অফাৰ’!

২৪ আগষ্ট, ২০২৪

TV9 ASSAM

IPL ২০২৫ৰ পূৰ্বে হ’বলগা মেগা নিলামত ফ্ৰেন্সাইজিসমূহে দলৰ পৰা মুকলি কৰি দিব বহু খেলুৱৈক। কেইবাগৰাকীও তাৰকাৰ নাম এইক্ষেত্ৰত বিশেষ চৰ্চাত আছে।

আৰম্ভ IPL ২০২৫ৰ চৰ্চা

৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ খেলুৱৈ ৰিটেনছনক লৈ আৰম্ভ হৈছে বিশেষ চৰ্চা। তাৰ মাজতে দলটোৰ তাৰকা সূৰ্য সন্দৰ্ভত এক খবৰ পোহৰলৈ আহিছে।

চৰ্চাত সূৰ্যকুমাৰ যাদৱ

এক প্ৰতিবেদন অনুসৰি ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে সূৰ্যকুমাৰ যাদৱলৈ নেতৃত্বৰ প্ৰস্তাৱ আগবঢ়াইছে।

সূৰ্যলৈ বিশেষ অফাৰ

২০১৮ চনৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ অংশ সূৰ্য দলটোৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে পৰিগণিত হৈ আহিছে। তাৰ পূৰ্বে অৱশ্যে তেওঁ কলকাতাৰ হৈও খেলিছিল।

মুম্বাইৰ গুৰুত্বপূৰ্ণ সদস্য

১৫০ খন IPL মেচৰ অভিজ্ঞতাৰে পুষ্ট সূৰ্যকুমাৰ যাদৱ। এইপৰ্যন্ত তেওঁ IPLত ২টা শতক আৰু ২৪টা অৰ্ধশতকৰ সহায়ত ৩৫৯৪ ৰান সংগ্ৰহ কৰিছে।

IPL কেৰিয়াৰ

টি-২০ বিশ্বকাপ জয়ৰ পিছতে ৰোহিত শৰ্মাৰ অৱসৰৰ পিছত সূৰ্যক শেহতীয়াকৈ ভাৰতীয় টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

ভাৰতীয় দলৰ অধিনায়ক

বিগত ছিজনত শ্ৰেয়স আয়াৰৰ নেতৃত্বত IPLৰ খিতাপ জয় কৰিছিল কলকাতাই। তেনে স্থলত যাদৱৰ ৰূপত নতুন অধিনায়ক সন্ধানৰ খবৰে বিশেষ চৰ্চা লাভ কৰিছে।

KKRৰ খিতাপ জয়

পঢ়িবলৈ ক্লিক কৰক

ভাৰতৰ কোনখন ৰাজ্যৰ চৰকাৰী ভাষা সংস্কৃত?