লাখপতিৰ পৰা কোটিপতি হ’ল এইকেইজন তাৰকা

৩১ অক্টোবৰ ২০২৪

TV9 ASSAM

IPL 2025 ৰ ৰিটেনচন লিষ্ট প্ৰকাশ পোৱাৰ পিছত কেইবাগৰাকীও যুৱ খেলুৱৈৰ দৰমহা এতিয়া লাখৰ পৰিৱৰ্তে কেইবা কোটি  হৈছে।

যুৱ খেলুৱৈ

IPL 2023ত মাত্ৰ ২০ লাখ টকাত ক্ৰয় কৰা পেচ চাঞ্চল্য মায়াংক যাদৱক এইবাৰ এল এছ জিয়ে ১৩ কোটি টকাত ৰিটেইন কৰে।

মায়াংক যাদৱ

আই পি এল ২০২২ত মাত্ৰ ২০ লাখ টকাত ক্ৰয় কৰা ধ্ৰুৱ জুৰেলক ৰাজস্থান ৰয়েলছে আই পি এল ২০২৫ৰ বাবে ১৪ কোটি টকাত ৰিটেইন কৰিছে।

ধ্ৰুৱ জুৰেল

গত কেইবাটাও ছিজনত মাত্ৰ ৫৫ লাখ টকা দৰমহাত খেলি অহা ৰিংকু সিঙক কলকাতা নাইট ৰাইডাৰ্ছে ১৩ কোটি টকাৰ বিনিময়ত ৰিটেইন কৰে।

ৰিংকু সিং

IPL 2024ত নীতিশ ৰেড্ডীক ছানৰাইজাৰ্ছ হায়দৰাবাদে মাত্ৰ ২০ লাখ টকাত ক্ৰয় কৰিছিল যদিও এইবাৰ ৬ কোটি টকাত ৰিটেইন কৰিছে।

নীতিশ ৰেড্ডী

২০২৪ চনৰ আই পি এলত পঞ্জাৱ কিংছে ২০ লাখ টকাত ক্ৰয় কৰিছিল শশাংক সিঙক। এইবাৰ তেওঁৰ ৰিটেইন দৰ ৫.৫ কোটি টকালৈ বৃদ্ধি পাইছে।

শশাংক সিং

গত ছিজনলৈ মাত্ৰ ২০ লাখ টকা দৰমহা লাভ কৰা সাই সুদৰ্শনক এইবাৰ গুজৰাট টাইটানছে ৮.৫ কোটি টকাৰ বিনিময়ত ৰিটেইন কৰে।

সাই সুদৰ্শন

ৰজত পাটিদাৰৰ বাবে আৰচিবিয়ে এইবাৰ ব্যয় কৰিছে ১১ কোটি টকা। ইয়াৰ পূৰ্বে তেওঁৰ আই পি এলৰ দৰ আছিল মাত্ৰ ২০ লাখ টকা।

ৰজত পাতিদাৰ

দিল্লী কেপিটেলছে ১০ কোটি টকাৰ বিনিময়ত ট্ৰিষ্টান ষ্টাবছক ৰিটেইন কৰে। যোৱা ছিজনত তেওঁক মাত্ৰ ৫০ লাখ টকাত ক্ৰয় কৰিছিল দিল্লীয়ে।

ট্ৰিষ্টান ষ্টাবছ

পঢ়িবলৈ ক্লিক কৰক

শ্ৰীলংকাত কিদৰে পালন কৰা হয় দেৱালী!