TV9 ASSAM
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ চেম্পিয়ন হোৱা দলটোক ২২.৪ মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ২০ কোটি টকা পুৰস্কাৰ দিয়া হ’ব।
কিন্তু আই পি এলত খেলা কেইগৰাকীমান খেলুৱৈৰ এটা ছিজনৰ দৰমহা চেম্পিয়নছ ট্ৰফীৰ এই পুৰস্কাৰৰ ধনতকৈ অধিক।
আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ ঋষভ পণ্ট। আগন্তুক ছিজনৰ আই পি এলত তেওঁ ২৭ কোটি টকা দৰমহা পাব।
ভাৰতৰ আন এগৰাকী তাৰকা ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰক এইবাৰ মেগা নিলামত পঞ্জাৱ কিংছ দলে ২৬.৭৫ কোটি টকাত ক্ৰয় কৰে।
কলকাতা নাইট ৰাইডাৰ্ছে অলৰাউণ্ডাৰ ভেংকটেশ আয়াৰক মেগা নিলামত ২৩.৭৫ কোটি টকাত ক্ৰয় কৰিছে।
দক্ষিণ আফ্ৰিকাৰ বিস্ফোৰক বেটাৰ হেইনৰিচ ক্লাচেনকো পৰৱৰ্তী ছিজনৰ বাবে ২৩ কোটি টকাত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰিটেইন কৰে।
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰাট কোহলী আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ নিকোলাছ পূৰাণে আগন্তুক ছিজনত ২১ কোটি টকাকৈ লাভ কৰিব।
পঢ়িবলৈ ক্লিক কৰক
এজন ভাৰতীয়ই বছৰী কিমান সুৰাপান কৰে?