TV9 ASSAM
শীতকালত ছালৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। কিন্তু সকলোৱে বিচাৰে সুন্দৰ আৰু উজ্বল ছাল। এই বতৰত ছালৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দৰকাৰ।
সোৱাদৰ লগতে হালধি ছালৰ বাবেও ভাল। ধুনীয়া, সুন্দৰ ছাল পাবলৈ বহুতে ছালত হালধি লগাই বা কিছুমানে কেঁচা হালধি বিভিন্ন প্ৰকাৰে খায়।
কিছুমানে প্ৰতিদিনে ছালত হালধি লগায়। কিন্তু প্ৰতিদিনে হালধি ছালত লগোৱা ভাল নে? আহক জানো এই বিষয়ে বিশেষজ্ঞই কি কয়।
ডাৰ্মটলোজিষ্ট বিজয় সিংঘলে কয় যে, ছালত প্ৰতিদিনে হালধি লগাব নালাগে। হালধি গৰম হয়, গতিকে প্ৰতিদিনে হালধি লগালে মুখত শালমইনা ওলাব পাৰে।
হালধি সপ্তাহত মাত্ৰ ১ বাৰ বা ২ বাৰহে লগাব লাগে। যদি আপোনাৰ ছালৰ কিবা সমস্যা আছে তেন্তে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।
কেৱল মাত্ৰ হালধি ছালত লগাব নালাগে। হালধিত গাখীৰ, মৌ, দৈ, বেচন, আটা, এলোভেৰা জেল আদি মিহলি কৰি ছালত লগাব লাগে।
যদি আপুনি প্ৰত্যক্ষভাৱে ছালত হালধি লগাই তেন্তে ৰঙা পৰা, খজুৱতি, দাগ আদি আহিব পাৰে। সেয়ে হালধি সদায় অন্য সামগ্ৰীৰ সৈতে মিহলাই ব্যৱহাৰ কৰিব লাগে।
পঢ়িবলৈ ক্লিক কৰক