মূলা আৰু গাজৰ একেলগে খালে কি হয় জানেনে?

14 December 2024

TV9 ASSAM

শীতকালত আমাৰ দৈনন্দিন খাদ্য তালিকাত কেঁচা চালাড অন্তৰ্ভুক্ত কৰা উচিত। কেঁচা চালাড আমাৰ দেহৰ বাবে অত্যন্ত উপকাৰী।

কেঁচা চালাড

মূলা আৰু গাজৰ শীতকালত উপলব্ধ পাচলি। এই দুয়োবিধ পাচলি একেলগে খালে কি হয় বিশেষজ্ঞৰ পৰা জানো আহক।

মূলা আৰু গাজৰ

পুষ্টিবিদ নমামী আগৰৱালাৰ মতে মূলা আৰু গাজৰ একেলগে খাব পাৰি। ইয়াৰ ফলত কোনো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি নহয়।

বিশেষজ্ঞৰ মত

মূলা আৰু গাজৰত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। এই দুইবিধ পাচলি খালে পাচনতন্ত্ৰ সুস্থ হৈ থাকে আৰু হজম শক্তি উন্নত হয়।

হজম শক্তি

মূলা আৰু গাজৰত কেলৰি কমকৈ থাকে। সেয়ে ই শৰীৰত জমা হোৱা চৰ্বি কমোৱাত সহায় কৰে আৰু এইদৰে ওজন হ্ৰাসত সহায়ক হয়।

ওজন হ্ৰাস

মূলাত ৰাইবোফ্লেভিন আৰু ভিটামিন বি ৬ থাকে, যি মগজুৰ কাৰ্য্যক্ষমতা উন্নত কৰে আৰু স্মৃতিশক্তি শক্তিশালী কৰে।

স্মৃতি শক্তি বৃদ্ধি

গাজৰত ভিটামিন এ আৰু বিটা কেৰটিন থাকে, যি দৃষ্টিশক্তি ভাল ৰখাত সহায় কৰে। গাজৰে লগতে ছালখনো উজ্জল কৰি তোলে।

দৃষ্টিশক্তি

পঢ়িবলৈ ক্লিক কৰক 

ঋষভ পণ্টৰ ‘প্ৰেম’ত অষ্ট্ৰেলিয়াৰ এইগৰাকী তাৰকা ক্ৰিকেটাৰৰ কন্যা